ETV Bharat / state

ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ প্ৰস্তুতি তুংগত

author img

By

Published : Jan 23, 2020, 12:59 PM IST

প্ৰতি বছৰৰ দৰে এইবাৰো ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ডেৰ লাখ ভক্তক আদৰাৰ বাবে তৎপৰ হৈ পৰিছে আয়োজক সমিতি । ডেৰ লক্ষাধিক ভক্তক একেলগে খিচিৰি ভোগ খুৱাবলৈ ১০০ টা চৌকা সজাৰ লগতে ৫০০ ৰান্ধনী সাজু কৰা হৈছে ।

Rangiya Marali Than annual festival preparation
ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ প্ৰস্তুতি তুংগত

ৰঙিয়া,23 জানুৱাৰীঃ নামনি অসমৰ অন্যতম ধৰ্মীয় উৎসৱ ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এইবাৰো ২৬ জানুৱাৰীৰ দিনা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ডেৰ লাখ ভক্তক আদৰাৰ বাবে তৎপৰ হৈ পৰিছে আয়োজক সমিতি। ডেৰ লক্ষাধিক ভক্তক একেলগে খিচিৰি ভোগ খুৱাবলৈ ১০০ টা চৌকা সজাৰ লগতে ৫০০ ৰান্ধনী সাজু কৰা হৈছে। এই বিশাল সংখ্যক ভক্তক সুচাৰুৰূপে ভোগ বিতৰণ কৰাৰ বাবে ইতিমধ্যে ১৫০০ স্বেচ্ছাসেৱক বাহিনী সাজু কৰি তোলা হৈছে ৷

ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ প্ৰস্তুতি তুংগত

উল্লেখ্য যে প্ৰতি বছৰে এই উৎসৱত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লক্ষাধিক ভক্তৰ সমাগম হয়। এই মহোৎসৱৰ আন এক উল্লেখনীয় বৈশিষ্ট হৈছে বিভিন্ন ধৰ্মাৱলম্বী,জাতি-জনগোষ্ঠী,ভাষা-ভাষী নিৰ্বিশেষে সকলো লোকেই উক্ত মহোৎসৱত অংশগ্ৰহণ কৰে ৷ উৎসৱৰ দিনটোত সম্প্ৰীতিৰ মিলন ক্ষেত্ৰত পৰিণত হয় এই পবিত্ৰ মাৰলী থান ক্ষেত্ৰ ।

লগতে পঢ়ক-ধেমাজিত পালন দেউৰী জনগোষ্ঠীয় মাঘ বিহু

Intro:ডেৰ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ ৰাইজBody:নামনি অসমৰ অন্যতম ধৰ্মীয় উৎসৱ ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । ৰঙিয়াৰ তুলসীবাৰীত ঐতিহ্যমণ্ডিত ধৰ্মীয়স্থলী গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱৰ মহা আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । প্ৰতি বছৰৰ দৰে এইবাৰো ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা অনুষ্ঠিত হব লগীয়া এই মহোৎসৱত ডেৰ লাখ ভক্তক আদৰাৰ বাবে তৎপৰ হৈ পৰিছে আয়োজক সমিতি । ডেৰ লক্ষাধিক ভক্তক একেলগে খিচীৰী ভোগ খুৱাবলৈ ১০০ টা চৌকা সজাৰ লগতে ৫০০ ৰান্ধনী সাজু কৰা হৈছে । ডেৰ লক্ষাধিক ভক্তৰ বাবে ২০০০ থালি খিচীৰী ভোগ প্ৰস্তুত কৰা হব । এই বিশাল সংখ্যক ভক্তক সুচাৰুৰূপে ভোগ বিতৰণ কৰাৰ বাবে ১৫০০ স্বেচ্ছাসেৱক বাহিনী সাজু কৰি তুলিছে । এসপ্তাহ ধৰি সুবিশাল সভাগৃহ, তোৰণ, ভোগক্ষেত্ৰ, অস্থায়ী কাৰ্যালয়, আটকধুনীয়া পতাকা উত্তোলনস্থলী আদি নিৰ্মাণৰ বাবে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক যুৱক দিনে-নিশাই স্বেচ্ছাই শ্ৰমদান কৰি কাম কৰি আছে । উল্লেখ্য যে প্ৰতি বছৰে এই উৎসৱত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লক্ষাধিক ভক্তৰ সমাগম হয় । এই উৎসৱত ভোগদান কৰি পূজা - অৰ্চনা কৰিলে মনোবাঞ্চা পূৰ্ণ হয় বুলি লোক বিশ্বাস আছে । এই মহোৎসৱৰ আন এক উল্লেখনীয় বৈশিষ্ট হৈছে বিভিন্ন ধৰ্মাৱলম্বী , জাতি-জনগোষ্ঠী , ভাষা-ভাষী নিৰ্বিশেষে অংশগ্ৰহণ কৰাটো । উৎসৱৰ দিনটোত সম্প্ৰীতিৰ মিলন ক্ষেত্ৰত পৰিণত হয় এই পবিত্ৰ মাৰলী থান ক্ষেত্ৰ ।
Bite:- উদ‍্যোক্তাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.