ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত দলং নিৰ্মানত অনিয়ম

author img

By

Published : Oct 22, 2019, 2:27 PM IST

প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কাম আৰম্ভ কৰা মুৰাৰা বাৰাংহাটী পথৰ জয়ন্তীপুৰৰ পৰা নোনাপাৰ সংযোগী পথচোৱা নিৰ্মানৰ কাম বিগত চাৰি মাহে কোনো অজ্ঞাত কাৰণত বন্ধ কৰি ৰাখিছে পথ নিৰ্মানৰ দায়িত্বত থকা কে আই ডি চি নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীয়ে ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পথচোৱা নিৰ্মানৰ বাবদ ধাৰ্য কৰা হৈছিল প্ৰায় ৬ কোটি ২৫ লাখ টকা ৷

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত দলং নিৰ্মানত কেলেংকাৰী

ৰঙিয়া, 22 অক্টোবৰঃ সময় উকলি যোৱাৰ পিছতো 50 শতাংশ কামো সম্পূৰ্ণ নহ’ল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা মুৰাৰা-বাৰাংহাটী পথৰ লগতে তিনিখনকৈ দলঙৰ ৷ প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কাম আৰম্ভ কৰা হৈছিল মুৰাৰা-বাৰাংহাটী পথৰ জয়ন্তীপুৰৰ পৰা নোনাপাৰলৈ ২ কিলোমিটাৰ ৮৫৮ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পথচোৱা নিৰ্মানৰ বাবদ ধাৰ্য কৰা হৈছিল ৬ কোটি ২৫ লাখ টকা ৷ পথ আৰু দলং নিৰ্মাণৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল কেআইডিচি নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীক ৷ কিন্তু বিগত চাৰি মাহ ধৰি বৰকুকুৰীয়াৰ দলংখনৰ আধা অংশ নিৰ্মাণ কৰিয়ে অজ্ঞাত কাৰণত কাম বন্ধ কৰি ৰাখিছে ঠিকাদাৰী সংস্থটোৱে ৷ ফলত তিনিখন দলঙৰ দুখন দলংৰ নিৰ্মাণ প্ৰায় চল্লিশ শতাংশ হৈছে যদিও ৰাস্তাটো আৰু আন এখন দলঙৰ কাম নূন্যতমো আগবঢ়া নাই ৷

দলং নিৰ্মানত কেলেংকাৰী

আনহাতে দলংকেইখনৰ বিকল্প হিচাপে থকা কাঠৰ দলংকেইখনৰ অৱস্থাও তথৈবচ । নিতৌ ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ লোক আহা যোৱা কৰা দলংকেইখনত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷ স্থানীয় ৰাইজে এই সম্পৰ্কে সংশ্লিষ্ট বিভাগত কেইবাবাৰো অভিযোগ উত্থাপিন কৰিছে যদিও বিষয়া সকলে সদায় গা এৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্মাণ কাৰ্যত নিয়োজিত বনুৱা আৰু মজদুৰ সকলকো সম্পূৰ্ণ পইচা আদায় দিয়া নাই ঠিকাদাৰে ৷ এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা হ’ব লক্ষণীয় ৷

Intro:সময় উকলি যোৱাৰ পিছতো পঞ্চাশ শতাংশও কাম সম্পূৰ্ণ নহল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা মুৰাৰা-বাৰাংহাটী পথৰ লগতে তিনিখনকৈ দলঙৰBody:নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময় উকলি যোৱাৰ পিছতো সম্পূৰ্ণ নহল মুৰাৰা-বাৰাংহাটী-বৰকুকুৰীয়া পথটো। মুৰাৰা-বাৰাংহাটী পথৰ জয়ন্তীপুৰৰ পৰা নোনাপাৰলৈ ২ কিলোমিটাৰ ৮৫৮ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা আৰু তিনিখন দলং নিৰ্মাণৰ বাবে প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কাম আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ইয়াৰ বাবদ ৬ কোটি ২৫ লাখ টকা ধাৰ্য কৰা হৈছিল । কেআইডিচি নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীক এই পথ আৰু দলং নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু অজ্ঞাত কাৰণত বন্ধ হৈ আছে নিৰ্মাণ কাৰ্য্য। বিশেষকৈ এই পথটোৰ বৰকুকুৰীয়াৰ দলংখন আধা অংশ নিৰ্মাণ কৰি প্ৰায় ৮ মাহ ধৰি কাম বন্ধ থৈছে দায়িত্বহীন ঠিকাদাৰ সংস্থটোৱে। তিনিখন দলঙৰ দুখন দলংৰ নিৰ্মাণ প্ৰায় চল্লিশ শতাংশ হৈছে যদিও ৰাস্তাটো আৰু আন এখন দলঙৰ কাম একেবাৰেই আগ বঢ়া নাই। আনহাতে দলংকেইখনৰ বিকল্প হিচাপে থকা কাঠৰ দলংকেইখনৰ অৱস্থাও তথৈবচ। নিতৌ ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ লোক আহা যোৱা কৰা দলংকেইখনত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে। স্থানীয় ৰাইজে এই সম্পৰ্কে সংশ্লিষ্ট বিভাগত কেইবাবাৰো অভিযোগ উত্থাপিত কৰিছে যদিও বিষয়া সকলে সদায় গা এৰা মন্তব্য কৰি দায় সাৰিবলৈ চেষ্টা কৰিছে। আনহে নালাগে এতিয়ালৈকে নিৰ্মাণ কাৰ্য্যত নিয়োজিত বনুৱা আৰু মজদুৰ সকলকো ঠিকাদাৰে সম্পূৰ্ণ পইচা আদায় দিয়া নাই। এইটো নিশ্চিত ভাৱে কব পাৰি যে সম্পূৰ্ণ কামটোত এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল বুলি দাবী কৰা চৰকাৰখনে এই বিষয়টোত কি ব‍্যৱস্থা লয় সেয়া সময়ত স্পষ্ট হব।
Bite:- স্থানীয় ৰাইজConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.