ETV Bharat / state

এবছৰে সম্পূৰ্ণ নহ’ল ৰঙিয়া-বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ কাম

author img

By

Published : Jun 6, 2021, 2:04 PM IST

ৰঙিয়াৰ বগৰীবাৰীৰ পুঠিমাৰী নৈৰ মথাউৰিয়ে বিপদ কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে ৷ বিগত এটা বছৰে সম্পূৰ্ণ হৈ নুঠিল মথাউৰি নিৰ্মাণৰ কাম ৷

As_rangia_rangiya-bagribari-puthimari-river-bandh-construction-vis-AS10040
এবছৰে সম্পূৰ্ণ নহ’ল ৰঙিয়া বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ কাম

ৰঙিয়া,6 জুন: বিগত এটা বছৰে সম্পূৰ্ণ নহ’ল বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য ৷ প্ৰায় এবছৰ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীৰ পুঠিমাৰী নৈৰ ওপৰত থকা মথাউৰিটো হঠাতে ছিঙি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলটো বাঢ়নী পানীত বুৰ গৈছিল ৷ তাৰ পিছত এটা বছৰ পাৰ হ’ল, কিন্তু আজিকোপতি সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ কাম ৷

বাৰিষা সমাগত আৰু বাৰিষাৰ পূৰ্বে এতিয়া অনাগত শংকাক লৈ দিন পাৰ কৰিছে বৃহত্তৰ বগৰীবাৰী অঞ্চলৰ ৰাইজে ৷ ইতিমধ্যে পুঠিমাৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । যদিহে নৈৰ পানী বিপদসীমাৰ ওপৰেৰে পাৰ হয়, তেতিয়াহ’লে যিকোনো মুহুৰ্ততে মথাউৰি ছিঙি বৃহত্তৰ ৰঙিয়া অঞ্চল পুনৰ প্লাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । প্ৰথমাৱস্থাৰ পৰাই ঠিকাদাৰৰ বিৰুদ্ধে মথাউৰি নিৰ্মাণৰ কাম লেহেমীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ কৰা হৈছিল ৷ বাতৰি সম্প্ৰচাৰৰ পিছতে মথাউৰি নিৰ্মাণৰ কাম কিছু ক্ষীপ্ৰ কৰা হৈছিল যদিও লাহে লাহে পুনৰ লেহেমীয়া হৈ পৰে ৷

মথাউৰি নিৰ্মাণৰ কাম আগবঢ়াবলৈ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই নিজে এই কামৰ তদাৰক কৰিছিল ৷ কিন্তু বিধায়ক গৰাকীৰ এই প্ৰচেষ্টা বিফল হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, যোৱা প্ৰায় এবছৰৰ পৰা নিৰ্মীয়মান মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ আছে পাঁচটাকৈ পৰিয়ালে । এবছৰ পূৰ্বে মথাউৰিটো হঠাৎ ভাঙি যোৱাত পৰিয়ালকেইটাই মথাউৰিতে বাস কৰিবলগীয়া হৈছে । কিন্তু এই পৰিয়াল কেইটাৰ পুনৰ সংস্থাপনৰ ব‍্যৱস্থা নকৰাৰ বাবেই যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

ৰাজ্যৰ জলসম্পদৰ দৰে বিয়াগোম এটা বিভাগে বিগত এটা বছৰে মথাউৰিটো সম্পূৰ্ণ কৰিব নোৱাৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । লগতে অনতিপলমে মথাউৰিটোৰ বাকী থকা নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক- কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.