ৰঙিয়া,3 মাৰ্চ: ৰঙিয়াত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলন । সোমবাৰে পুৱাৰে পৰা এই অসহযোগ আন্দোলন আৰম্ভ কৰে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলে । গৃহৰক্ষী জোৱানসকলে কৰ্মৰত এলেকাত ৰূপায়ণ কৰে কৰ্ম বিৰতি ৷
গৃহৰক্ষী জোৱানসকলৰ সমস্যা সমাধানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । মূলতঃ গৃহৰক্ষী আইনখন সংশোধন কৰি অসমৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহা বৃদ্ধি কৰা, চিকিৎসাৰ ব্যৱস্থা কৰা, গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেণ্ট চিষ্টেম অনতিপলমে বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবীত এই অসহযোগ গৃহৰক্ষী জোৱানৰ ।
চৰকাৰে শীঘ্ৰে এই দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে জোৱানসকলে । দিন-ৰাতি একাকাৰ কৰি কৰ্ম সম্পাদনা কৰি অহা ৰাজ্যৰ ২৭ হেজাৰ গৃহৰক্ষী জোৱানক চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক- বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব