ETV Bharat / state

চৰম সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় - historic arimatta rampard

কেইবা শতিকা পুৰণি আৰিমত্ত গড়ৰ সোঁ মাজেৰে জলসিঞ্চন বিভাগে 1970 চনত সাজিছিল এখন পানী উত্তোলক আঁচনি ৷ পঞ্চাশ বছৰ পুৰণি এই আঁচনি খনৰ তিনিটা মটৰৰ দুটাই বিকল হৈ পৰি আছে । যাৰ ফলত প্ৰয়োজনৰ সময়ত কৃষক ৰাইজে লাভ নকৰে পানী ৷

rangias-historic-arimattva-rampard-is-in-danger
চৰম সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত্ব গড়
author img

By

Published : Jul 2, 2021, 7:31 PM IST

ৰঙিয়া, 2 জুলাই : ক্ৰমাৎ ধ্বংসৰ গৰাহত পৰিছে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় কাটি সাজি উলিওৱা জলসিঞ্চন বিভাগৰ পানী উত্তোলক আঁচনি ৷ কেইবা শতিকা পুৰণি গড়টোৰ সোঁ মাজেৰে জলসিঞ্চন বিভাগে 1970 চনত সাজিছিল এখন পানী উত্তোলক আঁচনি ৷ কিন্তু ইতিহাসৰ এক অপৰিহাৰ্য অংগ গড়টো কাটি সাজি উলিওৱা আঁচনি খনৰ পৰা আজি পৰ্যন্ত লাভবান নহল কৃষক ৰাইজ ৷

পঞ্চাশ বছৰ পুৰণি এই আঁচনি খনৰ তিনিটা মটৰৰ দুটাই বিকল হৈ পৰি আছে । যাৰ ফলত প্ৰয়োজনৰ সময়ত কৃষক ৰাইজে লাভ নকৰে পানী ৷ চৰকাৰী আঁচনি এখনত সংঘটিত হোৱা এনে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ সন্থা আৰু কৃষকসকল ৷

চৰম সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত্ব গড়

উল্লেখ্য যে, বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ চূড়ান্ত গাফিলতি আৰু দুৰ্নীতিৰ বাবে এই আঁচনিখন বৰ্তমান বগা হাতীত পৰিণত হৈছে ৷ চৰকাৰী তত্ত্বাৱধানৰ অভাৱত আঁচনিটোৰ পকী নলী-নাদসমূহ ইতিমধ্যে জহি-খহি গৈছে ৷

খেতিয়ক সকলে এই আঁচনিৰ জৰিয়তে পৰ্যাপ্ত পানী লাভ কৰি কৃষি কাৰ্যত অধিক লাভান্বিত হ’ব বুলি আশা কৰিছিল যদিও বাস্তৱত সেইয়া হৈ নুঠিল ৷ যোৱাটো কাৰ্যকালৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ গৃহ সমষ্টি হোৱা স্বত্বেও বিধায়ক গৰাকীয়ে এই বিষয়ত একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ কিছুদিন পূৰ্বে গড়টোত বেদখল কৰা ঠাইসমুহ পৰ্যবেক্ষণ কৰিবলৈ যোৱা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে এতিয়াহে মহকুমাধিপতিক বেদখল উচ্ছেদ কৰিবলৈ আদেশ প্ৰদান কৰিছে ৷ স্থানীয় ৰাইজৰ মনত শংকা হৈছে যে চৰকাৰী বিভাগ সমুহৰ হেমাহিৰ বাবে হয়তো কেইবা শতিকা পুৰণি গড়টো এদিন কালৰ বুকুত হেৰাই যাব ৷

লগতে পঢ়কঃ কেৰাচিনৰ ক’লা বেহা ৰোধৰ বাবে যোগান বিভাগে দিলে TOLL FREE NUMBER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.