ETV Bharat / state

ৰঙিয়াৰ ক’ভিড পৰিস্থতিৰ পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - ৰঙিয়াত ৪৭ খন বিচনাযুক্ত

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ো সদৰি কৰে যে, ক'ভিডৰ প্ৰতিষেধকৰ অনাগত দিনত আমদানিৰ পৰিমান বৃদ্ধি কৰা হ’ব । ইয়াৰ উপৰিও ৰঙিয়াত ৪৭ খন বিচনাযুক্ত আই চি ইউৰ লগতে কিছুদিনৰ ভিতৰতেই এটা অক্সিজেন প্লাণ্টৰ সুবিধা উপলদ্ধ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ৰঙিয়াৰ ক’ভিড পৰিস্থতি পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : May 18, 2021, 10:38 PM IST

ৰঙিয়া, 18মে’: মঙলবাৰে ৰঙিয়াত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ শেহতীয়া কৈ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ভিড-19ৰ পৰিস্থিতিৰ সৰ্ম্পকে ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত এক পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী গৰাকী ৷

সভাখনত উপস্থিত থাকে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় ৷ উক্ত সভাতে ক’ভিড পৰিস্থিতি সৰ্ম্পকে বিস্তৃত্বভাৱে পৰ্যালোচনা কৰে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ৷

ৰঙিয়াৰ ক’ভিড পৰিস্থতি পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

সভাৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ো সদৰি কৰে যে, ক'ভিডৰ প্ৰতিষেধকৰ অনাগত দিনত আমদানিৰ পৰিমান বৃদ্ধি কৰা হ’ব । ৰঙিয়াত ৪৭ খন বিচনাযুক্ত আই চি ইউৰ লগতে কিছুদিনৰ ভিতৰতেই এটা অক্সিজেন প্লাণ্টৰ সুবিধা উপলদ্ধ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ৰাইজক আশ্বাস প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, ৰঙিয়াত ক'ভিড আক্ৰান্ত সকলৰ চিকিৎসাৰ বাবে যাৱতীয় সকলো সামগ্ৰী মজুত আছে । গতিকে ৰাইজ নিশ্চিত হৈ থাকক চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰা দেখা গ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.