ৰঙিয়া, 15 জুনঃ ৰঙিয়াত পুনৰ বিলাতী সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান । শনিবাৰে পুনৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ হয় ৰঙিয়াত । ৰঙিয়া আৰু গুৱাহাটী আৱকাৰী বিভাগে ৰঙিয়া মহকুমাৰ অন্তৰ্গত বাইহাটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা । 12 চকীয়া ট্ৰাকত আনা প্ৰায় 700 কাৰ্টন বিলাতী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা । অৰুণাচলৰ পৰা ঝাৰখণ্ড অভিমুখে গৈ আছিল JH 12 E 6966 নম্বৰৰ ট্ৰাকখন । ট্ৰাকখনৰ চালক ঝাৰখণ্ডৰ লালু সিঙক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে । অৰুণাচলৰ পৰা ক্ৰয় কৰি বিহাৰত বিক্ৰী কৰাৰ উদ্দেশ্য লৈ যোৱাৰ সন্দেহ । উল্লেখ্য যে, দুদিন পূৰ্বে ৰঙিয়াত আবকাৰী বিভাগে জব্দ কৰিছিল বৰপেটা অভিমুখে গৈ থকা আন এখন আৰুণাচলী বিলাতী সুৰা ভৰ্তি ট্ৰাক ।
ৰঙিয়াত বিলাতী সুৰাৰ ট্ৰাক জব্দ - WINE SEIZED
অৰুণাচলৰ পৰা ঝাৰখণ্ড অভিমুখে গৈ আছিল JH 12 E 6966 নম্বৰৰ ট্ৰাকখন । ট্ৰাকখনৰ চালক ঝাৰখণ্ডৰ লালু সিঙক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে
ৰঙিয়া, 15 জুনঃ ৰঙিয়াত পুনৰ বিলাতী সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান । শনিবাৰে পুনৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ হয় ৰঙিয়াত । ৰঙিয়া আৰু গুৱাহাটী আৱকাৰী বিভাগে ৰঙিয়া মহকুমাৰ অন্তৰ্গত বাইহাটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা । 12 চকীয়া ট্ৰাকত আনা প্ৰায় 700 কাৰ্টন বিলাতী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা । অৰুণাচলৰ পৰা ঝাৰখণ্ড অভিমুখে গৈ আছিল JH 12 E 6966 নম্বৰৰ ট্ৰাকখন । ট্ৰাকখনৰ চালক ঝাৰখণ্ডৰ লালু সিঙক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে । অৰুণাচলৰ পৰা ক্ৰয় কৰি বিহাৰত বিক্ৰী কৰাৰ উদ্দেশ্য লৈ যোৱাৰ সন্দেহ । উল্লেখ্য যে, দুদিন পূৰ্বে ৰঙিয়াত আবকাৰী বিভাগে জব্দ কৰিছিল বৰপেটা অভিমুখে গৈ থকা আন এখন আৰুণাচলী বিলাতী সুৰা ভৰ্তি ট্ৰাক ।
BITE : (1) বিষয়াConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা