ETV Bharat / state

ৰঙিয়াত এপ'ল মিল কৰ্মচাৰী আৰু আছুৰ পথ অৱৰোধ কাৰ্যসূচী

author img

By

Published : Dec 9, 2020, 2:14 PM IST

প্ৰাপ্যৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিল এপ'ল মিল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল । ৰঙিয়াত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ এপ'ল মিল কৰ্মচাৰী আৰু আছুৰ । ৪ বছৰে বন্ধ হৈ থকা এপ'ল মিলৰ ৪০০ ৰো অধিক কৰ্মচাৰীক ভিআৰ‌এছ প্ৰদানৰ দাবী । অৱৰোধৰ ফলত আন্তঃৰাষ্ট্ৰীয় ঘাইপথত শ শ যানবাহন আবদ্ধ।

প্ৰাপ্যৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিল এপ'ল মিল কৰ্মচাৰী

ৰঙিয়া, ৯ ডিচেম্বৰ: এপ'ল মিল কৰ্মচাৰীয়ে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো গা লৰা নাই চৰকাৰৰ বিভাগীয় মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ । বুধবাৰে পুনৰ ৰাজপথলৈ ওলাই আহিল কৰ্মচাৰী আৰু সদৌ অসম ছাত্ৰ সন্থা । প্ৰায় ৪ বছৰ ধৰি বন্ধ হৈ থকা এপ'ল মিলৰ চাৰি শতাধিক কৰ্মচাৰীক ভিআৰ‌এছ প্ৰদানৰ দাবীত ৰঙিয়াত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কৰ্মচাৰীসকল, তেওঁলোকৰ পৰিয়াল আৰু আছুৰ সদস্যই । হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰোধী শ্ল'গানৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।

কৰ্মচাৰীসকলক প্ৰাপ্যৰ পৰা আদায়ৰ ব্যৱস্থা কৰি নিদিয়াৰ বাবে স্থানীয় বিধায়কগৰাকীকো ধিক্কাৰ দিয়ে । অৱৰোধৰ ফলত আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোত শ শ যানবাহন আবদ্ধ হৈ পৰে । আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় । যোৱা ৪ বছৰ ধৰি বন্ধ হৈ থকা এপ'ল মিল বিজেপি চৰকাৰে পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি বহুবাৰ দিয়াৰ পিছতো সেয়া কাৰ্যতঃ হৈ নুঠিল ।

সেয়ে, কৰ্মচাৰীসকলে ভিআৰ‌এছ প্ৰদানৰ দাবীত আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় । উল্লেখ্য যে, প্ৰায় চাৰি বছৰৰ পৰা মিলটোৰ উৎপাদন সম্পূৰ্ণৰূপে স্তব্ধ হৈ আছে । ফলত মিলটোৰ প্ৰায় ৪০০ কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে । ইতিমধ্যে দুজন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছে । মঙলবাৰে পথ অৱৰোধৰ জৰিয়তে চাৰি শতাধিক কৰ্মচাৰীক ভিআৰ‌এছ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় কৰ্মচাৰী আৰু সদৌ অসম ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:মৰিগাঁৱত নকল সাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.