ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ৰে'ল বিভাগৰ বিশেষ ব্যৱস্থা - Press Conference

অসমত ক'ভিডৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি হোৱাৰ সময়ত ৰে’লযোগে বহিঃৰাজ্যৰ পৰা খাদ্য-সামগ্ৰী কঢ়িয়াই অনাৰ ওপৰত ৰে’ল বিভাগে গুৰুত্ব আৰোপ কৰিছে । এই মন্তব্য ৰঙিয়া ৰে’ল মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকৰৰ ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে'ল বিভাগে

author img

By

Published : May 22, 2021, 10:47 PM IST

Updated : May 22, 2021, 10:54 PM IST

ৰঙিয়া, 22 মে' : অসমত ক'ভিডৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি হোৱাৰ সময়ত ৰে’লযোগে বহিঃৰাজ্যৰ পৰা খাদ্য-সামগ্ৰী কঢ়িয়াই অনাৰ ওপৰত ৰে’ল বিভাগে গুৰুত্ব আৰোপ কৰিছে । এই মন্তব্য ৰঙিয়া ৰে’ল মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকৰৰ ।

মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে, সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ক'ৰণা মহামাৰীয়ে পৰিস্থিতি জটিল কৰি তুলিছে । এনে এক সন্ধিক্ষণত ৰে’ল বিভাগৰ ফালৰ পৰা সহায় কৰাৰ বাবে মাণ্ডলিক প্ৰৱন্ধক গৰাকীৰ তত্বাৱধানত ইতিমধ্যে বঙাইগাঁৱত ২০ টা আইচ'লেশ্যন ডবা আৰু ৰঙিয়াত ১১ টা আইচ'লেশ্যন ডবা সম্পুৰ্ণৰূপে প্ৰস্তুত কৰি ৰখা হৈছে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ৰে'ল বিভাগৰ বিশেষ ব্যৱস্থা

এই ডবা সমূহত পৰ্যাপ্ত পৰিমানে অক্সিজেন মজুত ৰখা বুলি ডিআৰ‌এম গৰাকীয়ে জনায় । ৰাজ্য চৰকাৰে যেতিয়াই বিচাৰে মুহূৰ্ততে অক্সিজেনৰ সুবিধা থকা এই আইচ'লেশ্যন ডবা সমূহ ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব বুলি উল্লেখ কৰে । বৰ্তমানলৈকে বঙাইগাঁৱৰ ৰে’ল মাণ্ডলিক হাস্পতলত ৮৮ গৰাকী ক'ভিড ৰোগীৰ চিকিৎসা কৰা হৈছে ।

আনফালে, ৰঙিয়া ৰে’লৱে পলিক্লিনিক আৰু বঙাইগাঁৱৰ হাস্পতলত এতিয়ালৈকে ৩,৩০০ গৰাকী লোকক কভিড ভেকচিন প্ৰদান কৰা হৈছে । ৰে’ল বিভাগে মালবাহী ৰে’লযোগে ইতিমধ্যে কামৰূপ জিলাৰ চাংসাৰী আৰু উজনি অসমৰ নিৰ্দিষ্ট ষ্টেচনত বহিঃৰাজ্যৰ পৰা আমদানি কৰা খাদ্য-সামগ্ৰী নমোৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

খাদ্য-সামগ্ৰী নমোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ বাবে ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে চাংসাৰীত ৩৫০ গৰাকী শ্ৰমিকক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে বুলি ৰে’ল বিষয়া গৰাকীয়ে সদৰি কৰে ।

ইফালে অসমৰ লগতে উত্তৰ-পূৱ অঞ্চলত খাদ্য-সামগ্ৰীৰ নাটনি নোহোৱাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰতীয় খাদ্য নিগমৰ উচ্চপদস্থ বিষয়া সকলৰ লগত সঘন যোগাযোগ ৰখা বুলি কয় ডিআৰ‌এম গৰাকীয়ে ।

লগতে পঢ়ক :বন্দীত্বৰ সময়ছোৱাত ৰিতুল শইকীয়াক কি ক’লে পৰেশ বৰুৱাই ?

Last Updated : May 22, 2021, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.