ৰঙিয়া, 14 নৱেম্বৰ: সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্যসকলে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰত্যেকে হাতত প্লে'কাৰ্ড লৈ ক'লা বেজ পৰিধান কৰি সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদস্থলীত সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে পৰাগ ভূঞাৰ দৰে এগৰাকী নিৰ্ভীক আৰু স্পষ্টবাদী সাংবাদিকক দুষ্টচক্ৰই হত্যা কৰি সাংবাদিকৰ বাক্ স্বাধীনতা খৰ্ব কৰিব বিছাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰেছ ক্লাৱৰ সাংবাদিকসকলে ৷ প্ৰতিবাদৰ সময়চোৱাত সাংবাদিকসকলে সাংবাদিকৰ সুৰক্ষা নিশ্চিত হ’ব পৰাকৈ আইন প্ৰণয়ন কৰক, পৰাগ ভূঞাৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক, সাংবাদিক হত্যা বন্ধ কৰক, পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি দিয়ক, পৰাগ ভূঞাৰ হত্যাৰ উচিত বিচাৰ লাগে, পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰতৰ কৰক, সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰক, সাংবাদিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, সাংবাদিকৰ সুৰক্ষা আইন প্ৰণয়ন কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে আছু, এজেপি, অসম সংগ্ৰামী মঞ্চ আদিৰ লগতে কেইবাটাও জাতীয় সংগঠনে ৷
লগতে পঢ়কঃ সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ