ৰঙিয়া, 22 ছেপ্টেম্বৰ : মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ হয় ৰঙিয়া আৰক্ষী ৷ চৌদিশে ক'ৰোনাৰ আতংকময় পৰিবেশ, কিন্তু মাস্ক পৰিধান নকৰে ৰঙিয়াৰ এচাম শিক্ষিত লোকে । সেয়েহে কঠোৰ হৈছে ৰঙিয়া আৰক্ষী ।
সামাজিক দূৰত্ব বজাই নৰখা আৰু মাস্ক পৰিধান নকৰাকৈ ওলাই অহা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে । কিন্তু এচাম শিক্ষিত লোকে আকৌ নিজৰ দোষ স্বীকাৰ নকৰি আৰক্ষীৰ সৈতে কৰিছে বাক-বিতণ্ডা । তেওঁলোকে মাস্ক পৰিধান নকৰাৰ বাবে লাগিলে কোৰ্টত জৰিমনা দিব, কিন্তু আৰক্ষীক জৰিমনা নিদিয়ে ।
বিভিন্ন অজুহাত সাজু কৰি ৰাখিছে ৰঙিয়াত মাস্ক নিপিন্ধাসকলে । এচামে নাজানে মাস্ক কেনেকৈ পিন্ধে, আন এচামৰ আকৌ পাহৰাৰ বাহানা । নাই কোনো সামাজিক দূৰত্ব, কোনোবাই যদি ঠুতৰিৰ তলত মাস্ক পিন্ধিছে, আন কোনোবাই আকৌ কাণত ওলমাই ৰাখিছে মাস্ক । আৰক্ষী দেখিলে মাস্ক পিন্ধিবলৈ চেষ্টা কৰে এইসকল লোকে । যদি সঁচাকৈয়ে এইসকল শিক্ষিত লোকে এনেকৈ মাস্ক পৰিধান নকৰাকৈ ওলাই আহে তেন্তে নিজৰ লগতে নিজৰ পৰিয়ালটোৰো জীৱনলৈ নামি আহিব পাৰে মৰাত্মক কৰ'ণা ভাইৰাছ ।
লগতে পঢ়ক : স্ক্ৰাৱ টাইফাছ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?