ৰঙিয়া, 29 মাৰ্চ: চলিত অসম বিধানসভা নিৰ্বাচনত ৫৭ নং ৰঙিয়া সমষ্টিত এইবাৰ আঠগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । ইয়াৰে এগৰাকী হৈছে জে ডি (ইউ)ৰ প্ৰাৰ্থী বিশ্বজিৎ ব্ৰহ্ম । সমষ্টিটোত নিৰৱে প্ৰচাৰ চলোৱা প্ৰাৰ্থীগৰাকীয়ে পিছে 'কা' সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰিব নোৱাৰিলে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে 'কা' তেওঁ ভালো নাপায় বেয়াও নাপায় ।
বৰ্তমান অসমৰ প্ৰেক্ষাপটত এক জলন্ত বিষয় 'কা' সম্পৰ্কে স্পষ্টকৈ ক’ব নোৱাৰা প্ৰাৰ্থীগৰাকীয়ে আকৌ দাবী কৰিলে ৰাইজে তেওঁৰ শিক্ষাগত অৰ্হতাৰ বাবে তেওঁক ভোট দিব । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই প্ৰচাৰ চলাবলৈ অহা সম্পৰ্কে কয় যে সময় সুবিধা নিমিলাৰ বাবে তেওঁৰ হৈ কোনোৱেই আহিব নোৱাৰিলে । আনহাতে নিৰ্বাচনত ৰাইজে বিবেক ভোট দিব বুলি কৈ তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে জানিবলৈ দিয়ে । তেওঁ কয় যে মূলতঃ ৰঙিয়াৰ নিবনুৱা সমস্যা আৰু বানপানী সমস্যা সমাধানেই তেওঁৰ মুখ্য উদ্দেশ্য হ’ব ।
লগতে পঢ়ক : ঢাকা মছজিদ আক্ৰমণ: 600 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু