ৰঙিয়া, 15 ছেপ্তেম্বৰ : ৰঙিয়াবাসীৰ বাবে সুখবৰ ৷ ৰঙিয়া আদৰ্শ চিকিৎসালয়ত সংযুক্ত হ'ব ICU সেৱা ৷ চিকিৎসালয়খনত প্ৰায় 60 ৰ পৰা 70 খন বিচনাযুক্ত ICU স্থাপন কৰা হ'ব ৷ বৰ্ধিত ক'ভিড ৰোগীৰ প্ৰতি লক্ষ্যৰাখি এই সিদ্ধান্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
উল্লেখ্য যে,কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এই কথা । চিকিৎসালয়খনত ICU সংযুক্ত হোৱাৰ লগে লগে আই আই টিৰ লগতে অন্যান্য ক'ভিড কেয়াৰ চেণ্টাৰত থকা স্থানীয় ৰোগীক স্থানান্তৰিত কৰিব পৰা যাব চিকিৎসালয়খনলৈ । লগতে,ৰঙিয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰোগী সকলৰ চিকিৎসা ৰঙিয়াতেই উপলব্ধ হ'ব ।
ইয়াৰ উপৰিও, ক'ভিডৰ আতংকৰ অন্ত পৰা পিচতে ICU দ্বাৰা স্থানীয় ৰাইজ ভৱিষ্যতলৈ উপকৃত হ'ব ।
লগতে পঢ়ক : চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী