ETV Bharat / state

ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয়ত আছুৰ ধৰ্ণা

ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ ধৰ্ণা ৷ 24 ঘণ্টাই ঘৰে ঘৰে বিজুলী দিয়াত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷

ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ ধৰ্ণা
author img

By

Published : Jul 20, 2019, 6:51 PM IST

ৰঙিয়া,20জুলাইঃ বানৰ তাণ্ডৱৰ মাজতে ৰঙিয়াত দেখা দিছে আন এক সমস্যাই । ৰঙিয়াৰ মূল নগৰৰ লগতে দাঁতিকাষৰীয়া বেছিভাগ অঞ্চলতেই যোৱা এসপ্তাহৰ পৰা বিদ‍্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে । গ্ৰামাঞ্চলৰ কিছু কিছু অংশত যোৱা তিনিদিন ধৰি একেৰাহে বিদ‍্যুৎ যোগান বন্ধ হৈ আছে । যাৰ বাবে শনিবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া বৈদ্যুতিক উপ সংমণ্ডল ২ ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি সকলোৱে বিভাগটোৰ বিৰুদ্ধে শ্ল'গান দিয়ে ।

Intro:ৰঙিয়াত বিদ‍্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত আছুৰ ধৰ্ণাBody:বানপানীৰ তাণ্ডৱৰ মাজতে ৰঙিয়াত দেখা দিছে আন এক সমস্যাই। ৰঙিয়াৰ মুল নগৰৰ লগতে দাঁতিকাষৰীয়া বেছিভাগ অঞ্চলতেই যোৱা সপ্তাহৰ পৰা বিদ‍্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে। গ্ৰামাঞ্চলৰ কিছু কিছু অংশত যোৱা তিনিদিন ধৰি একেৰাহে বিদ‍্যুৎ যোগান বন্ধ হৈ আছে। যোৱা নিশা ৰাইজে বিদ‍্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰাৰ পাছত আজি পুনৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া বৈদ্যুতিক উপ সংমণ্ডল ২ ৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বিদ‍্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰি সকলোৱে বিদ‍্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দিয়ে। অন‍্যান‍্য প্ৰতিশ্ৰুতিৰ লগতে চৌব্বিশ ঘণ্টাই বিদ‍্যুৎ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ গাদীত বহা চৰকাৰখনলৈ আঙুলি টোৱাই ছাত্ৰ নেতাই পৰিস্থিতি ভাল নহলে আগলৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.