ETV Bharat / state

ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ

ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাৰ পৰা পৰা বালিসত্ৰলৈ যোৱা গড়কাপ্তানী পথৰ ওপৰেৰে বাঁহৰ খুটিৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ বাবে স্থানীয়লোকে ভয়ানক সমস্যাত ভূগিব লগীয়া হৈছে । তাৰ সমান্তৰভাবে পথৰ দাঁতিত থকা বাঁহৰ খুটাৰে মানুহৰ ঘৰত বিদ‍্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে ।

ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

author img

By

Published : Dec 4, 2020, 3:17 PM IST

ৰঙিয়া,3 ডিচেম্বৰঃ পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাখনৰ দিনতে উন্নয়নৰ ফোপোলা স্বৰূপ দেখা গৈছে ৰঙিয়াৰ এটা বিশেষ অঞ্চলত ৷ বিকশিত অসমৰ কথা কোৱা চৰকাৰখনৰ কাণ্ড দেখিলে আপোনাৰ চকু কঁপালত উঠিব ৷ আজিও বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ ৷

ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাৰ পৰা পৰা বালিসত্ৰলৈ যোৱা গড়কাপ্তানী পথৰ ওপৰেৰে বাঁহৰ খুটিৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰি পাৰ কৰাৰ বাবে স্থানীয়লোকে ভয়ানক সমস্যাত ভূগিব লগীয়া হৈছে । তাৰ সমান্তৰ ভাৱে পথৰ দাঁতিত বাঁহৰ খুটা পোটি মানুহৰ ঘৰত বিদ‍্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে । যাৰ ফলত বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

উল্লেখযোগ্য যে, ৰাইজে বিভাগটোক কেইবাবাৰো বিষয়টোৰ সৰ্ন্দভত আবেদন নিবেদন কৰাৰ পাছতো বিদ্যুৎ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ ইতিপূৰ্বে খুটাটোৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে । সম্প্ৰতি ৰাইজে উপায়ন্তৰ হৈ অতি শীঘ্ৰে বিদ্যুৎ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা বিভাগটোৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ‘ব বুলি চৰকাৰ আৰু বিদ্যুৎ বিভাগক সকিয়াই দিয়ে ৷

লগতে পঢ়কঃ প্ৰতিবন্ধী দিৱসৰ দিনাই গুৱাহাটীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.