ETV Bharat / state

Road communication of Chirakhundi: ৰেলপথেই একমাত্ৰ যাতায়তৰ মাধ্যম চিৰাখুন্দিবাসীৰ বাবে - road communication for people of Chirakhundi

বিকশিত অসমৰ এখন পয়ালগা চিত্ৰ ৷ দলঙৰ অভাৱত ৰেলৰ আলিৰে যাতায়ত কৰিবলগীয়া হৈছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ৷ ৰেলৰ আলিৰে কৰা বিপদসংকুল যাত্ৰাই ব্যথিত কৰি তুলিছে সকলোকে ৷

Railway tracks are the only option for transportation for Chirakhundi s
ৰেলপথেই একমাত্ৰ যাতায়তৰ মাধ্যম চিৰাখুন্দিবাসীৰ বাবে
author img

By

Published : Dec 27, 2022, 1:45 PM IST

Updated : Dec 27, 2022, 2:17 PM IST

No road in Assamৰেলপথেই একমাত্ৰ যাতায়তৰ মাধ্যম চিৰাখুন্দিবাসীৰ বাবে

ৰঙিয়া, 27 ডিচেম্বৰ: পথ নাই ! উপায়বিহীন জনতাই ৰেলৰ আলিৰেই দৈনিক কৰিবলগীয়া হৈছে এক বিপদসংকুল যাত্ৰা ৷ এনে দৃশ্য দেখিবলৈ পোৱা সেই অঞ্চলটো হৈছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল ৷ কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৰ ৰঙিয়াৰ চিৰাখুন্দিত বিকল্প পথৰ অভাৱত ৰাইজে বছৰ বছৰ ধৰি ৰেলৰ আলিৰেই আহ-যাহ কৰিবলৈ বাধ্য হৈ আহিছে । সীমান্তৱৰ্তী অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা বৰলীয়া নৈৰ ওপৰত ৰঙিয়া-মুৰ্কংচেলেক ৰেল পথৰ বাবে ৰেল বিভাগে স্থাপন কৰিছিল এখন দলং ।

কিন্তু আক্ষেপৰ বিষয় যে, স্থানীয় ৰাইজৰ যাতায়তৰ বাবে কোনোধৰণৰ দলঙৰ ব্যৱস্থা নাই উক্ত অঞ্চলটোত (Road communication for people of Chirakhundi)। ফলত মৰণত শৰণ লৈ ৰাইজে ৰেল পাৰ হোৱা দলঙৰ ওপৰেৰে যাতায়ত কৰিবলগীয়াত পৰিছে । যান-বাহন, পথচাৰী সকলোৱে এই ৰেলপথটিৰেই বিপদসংকুলভাৱে পাৰ হৈ যাবলগীয়াত পৰে (Railway line is only road communication for Chirakhundi)।

Railway tracks are the only option for transportation for Chirakhundi s
ৰেলপথেই একমাত্ৰ যাতায়তৰ মাধ্যম চিৰাখুন্দিবাসীৰ বাবে

ৰেল অহাৰ সময়ত সেই স্থানেৰে পাৰ হোৱা স্থানীয় লোকসকলে প্ৰাণৰ মমতাত ৰেল পথচোৱা দৌৰি অথবা দলঙৰ পৰা জপিয়াবলৈ বাধ্য হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ অৱহেলাৰ বাবেই বৰ্তমানেও এনেদৰেই বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৰ ৰঙিয়াৰ চিৰাখুন্দিৰ কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ৷ দুৰ্ভাগ্যজনক বিষয় যে, ৰেলৰ আলিৰে যাতায়ত কৰি থকা অৱস্থাত ৰেলৰ খুন্দাত কেইবাগৰাকী লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহু লোক চিৰদিনৰ বাবে ঘুণীয়া হোৱা বুলিও উল্লেখ কৰিলে স্থানীয় ৰাইজে । তৎসত্বেও কাণষাৰ নাই স্থানীয় বিধায়ক, স্থানীয় প্ৰশাসন তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷

উল্লেখ্য যে, অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট বিপদসংকুলভাৱে পথটোৰ এই অংশৰে যাতায়ত কৰিবলগীয়াত পৰিছে । লগতে অঞ্চলটোত স্বাস্থ‍্যজনিত অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰা লোকেও যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে । এম্বুলেঞ্চকে আদি কৰি যিকোনো জৰুৰীকালীন সেৱা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কুৰিখনৰো অধিক গাঁৱৰ লোকসকলে ৷

অঞ্চলটোত এম্বুলেঞ্চ সোমাব নোৱাৰে বাবেই ৰোগীক ঠেলাত অথবা সাঙীত উঠাই নিহে ৰেল লাইনটো পাৰ কৰাব লগাত পৰে । অন‍্যথা প্ৰায় দহ কিলোমিটাৰ আঁতৰৰ বিকল্প পথেৰে জৰুৰী অৱস্থাতো যাবলৈ বাধ্য হয় অঞ্চলবাসী । সেয়ে ৰেল পথটোৰ কাষত এখন দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে । শীঘ্ৰে এই সন্দৰ্ভত ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসুচী ৰূপায়নৰ হুংকাৰ দিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।

উল্লেখ্য যে, শাসনাধিষ্ঠিত চৰকাৰ তথা চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে সঘনাই ৰাজ্যৰ প্ৰগতিৰ গতি তৰান্বিত হৈছে বুলি দাবী কৰি আহিলেও ৰাজ্যৰ প্ৰকৃত উন্নয়ন, বিকাশক পুনৰবাৰ উদঙাই দেখুৱাইছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ এইখন চিত্ৰখনে ৷

লগতে পঢ়ক : Protest against rubber industry: গোৱালপাৰাস্থিত ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদ

Last Updated : Dec 27, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.