গুৱাহাটী, 27 জুলাই : অসম-মিজোৰাম সীমান্তৰ (Assam-Mizoram Border) লাইলাপুৰত (Lailapur) সংঘটিত হোৱা ঘটনাৰ প্ৰতিবাদ জনাই মঙলবাৰে ৰাইজৰ দলে (Raijor Dal) গুৱাহাটীৰ মিজোৰাম ভৱনৰ সন্মুখত (Mizoram Bhawan) প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰাৰ লগতে মিজোৰাম চৰকাৰক গৰিহণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে মিজোৰাম ভৱনৰ সন্মুখ উত্তাল কৰি তোলে ৷ লগতে আন্তঃৰাজ্যিক সীমা বিবাদৰ সমস্যা সমাধানত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বাবেই কাছাৰৰ লাইলাপুৰৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কয় যে, চৰকাৰৰ ব্যৰ্থতাৰ বাবেই পাঁচ জনকৈ আৰক্ষীৰ জোৱানৰ লগতে এজন নাগৰিকৰ মৃত্যু হ'ল আৰু অৰ্ধশতাধিক জোৱান আহত হ'ল ৷ আহতসকলৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৰাইজৰ দলৰ নেতাজনে ৷ অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰো সম্পূৰ্ণৰূপে এইক্ষেত্ৰত বিফল ৷ কেৱল নিয়মমাফিক কিছু কামেৰে এই সীমান্ত সমস্যাক সদায়েই সাধাৰণ সমস্যাৰূপে চৰকাৰে ভাবি অহাটো ধিক্কাৰজনক ৷
লগতে পঢ়কঃ সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম
আনহাতে খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰী উত্তৰ পূৱ ভ্ৰমণলৈ অহাৰ পিছতে এই ঘটনা সংঘটিত হোৱাটো অত্যন্ত লজ্জাজনক বুলি সদৰি কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে ৷ লগতে তেঁও কয় যে,"নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা নিজেই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ৷ ইয়াৰ পাছতো এনে ঘটনা সংঘটিত হোৱাটোৱে ইয়াকে প্ৰমাণ কৰে যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশেষকৈ গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল ৷"
এইক্ষেত্ৰত বৰ্তমানৰ বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় তথা অসম চৰকাৰৰ অমনোযোগিতা, গাফিলতি আৰু অদূৰদৰ্শী পৰিকল্পনাৰ বাবেই অসমৰ সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ কেৱল কাছাৰতেই নহয়, বৰাকৰ হাইলাকান্দিৰ দলচৰা, গুদগুদী, কচৰতল আদি অঞ্চলৰ লগতে অসমৰ বিভিন্ন জিলাত সীমামূৰীয়া অঞ্চলত উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈয়েই আছে ৷ এইক্ষেত্ৰত বিজেপি চৰকাৰখনে সঠিক আৰু সবলভাৱে ব্যৱহাৰিক সমাধান সূত্ৰ উলিওৱাত একেবাৰেই ব্যৰ্থ ৷ লগতে বৰ্তমানৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ গৃহ বিভাগে ৰাজ্যসমূহৰ এনে সমস্যাত বিশেষকৈ অসমৰ ক্ষেত্ৰত কাণসাৰ নিদিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে নেতা জনে ৷
ৰাইজৰ দলে অসমৰ সীমা বিবাদৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷
লগতে পঢ়কঃ প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা