ছয়গাঁও, 28 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হ'ল কংগ্ৰেছৰ জনপ্ৰিয় নেতা ৰাহুল গান্ধী । বিয়লিভাগত ছয়গাঁওস্থিত দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে শ্বহীদজনক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । লগতে শ্বহীদৰ পৰিয়ালৰ সৈতে এক আলোচনাত মিলিত হয় ।
শনিবাৰে খানাপাৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কংগ্ৰেছে আয়োজন কৰা অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অংশগ্ৰহণ কৰি শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হয়গৈ ৷ দীপাঞ্জলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে এখন অটোৰিক্সা কিনি দিয়াৰ আশ্বাস দিয়ে ৰাহুল গান্ধীয়ে ।