ETV Bharat / state

Rabha Divas observed: বকোত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫তম স্মৃতি দিৱস পালন

author img

By

Published : Jun 20, 2023, 8:10 PM IST

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম স্মৃতি দিৱস । সমগ্ৰ ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে সৈনিক শিল্পীগৰাকীক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বকোতো শ্ৰদ্ধাৰে স্মৰণ কৰা হয় বিপ্লৱী শিল্পীগৰাকীক । আয়োজন কৰা হয় ভিন্ন অনুষ্ঠানৰ ।

Rabha Divas observed in Boko
বকোত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম স্মৃতি দিৱস পালন

বকো,২০ জুন: আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি । প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যপ্ৰান্তে প্ৰান্তে পালন কৰা হৈছে ৰাভা দিৱস । স্মৰণ কৰিছে বিপ্লৱী শিল্পীগৰাকীক । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত বেকেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত চেখাদাৰী গাঁৱত অৱস্থিত বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ কাৰ্যালয়ৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ২৯ তম বাৰ্ষিক বিষ্ণুপ্ৰসাদ ৰাভা দিৱস ।

মঙলবাৰে পুৱাৰভাগত আৰম্ভ হোৱা এই অনুষ্ঠানত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ । অনুষ্ঠানসমূহৰ আঁত ধৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা, কামৰূপ জিলা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভাই ৷

ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন মুকলি সভা আৰু সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা স্ব-গোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ অন্তৰ্গত ১১০ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু ৩৫ গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ তৰফৰ পৰা মানপত্ৰ, এডালকৈ গছপুলি, এখন ৰাভা সকলৰ 'পাজাৰ' তথা এখনকৈ ৰাভা অভিধান 'ছামলায়চিনি ৰাওছামি' প্ৰদান কৰা হয় ।

মুকলি সভাখনৰ উদ্বোধন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ মূখ্য সম্পাদক অশোক কুমাৰ ৰাভাই। এই সভাত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ দূধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভা, বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

ৰাইজক সম্বোধন কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে ৫০ বছৰৰ আগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এখন জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল । য'ত আজি কেৱল কামৰূপ জিলাৰ অন্তৰ্গত ১১০ গৰাকী ৰাভা ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু ৩৫ গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, আজিৰ পৰা ৫০ বছৰ আগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এয়া কৰি দেখুৱাইছিল ।

লগতে পঢ়ক: Kalaguru Bishnu Prasad Rabha: ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.