ETV Bharat / state

বহিঃ ৰাজ্যৰ পৰা অহা 2000 লোকক কোৱাৰেণ্টাইনৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন - কোৱাৰেণ্টাইন গৃহ

বহিঃৰাজ্যৰ পৰা গৃহৰাজ্য অসমলৈ উভটিবলগীয়া লোক সকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগৰ লগতে প্ৰতিখন জিলা প্ৰশাসনে ৷ ইয়াৰ ভিতৰত প্ৰায় 2000 লোকক কোৱাৰেণ্টাইন গৃহত ৰাখিব কামৰূপ জিলা প্ৰশাসনে ৷ সেয়ে স্থান নিৰ্ধাৰণৰ বাবে প্ৰশাসনৰ এটা দলে ভিন্ন স্থান পৰিদৰ্শন কৰে শনিবাৰে ৷

কোৱাৰেণ্টাইন গৃহৰ স্থান পৰিদৰ্শন
কোৱাৰেণ্টাইন গৃহৰ স্থান পৰিদৰ্শন
author img

By

Published : May 2, 2020, 2:56 PM IST

বাইহাটা,2 মে’ঃ ৰাজ্য চৰকাৰে বহিঃৰাজ্যত আবদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে তৎপৰতা গ্ৰহণ কৰাৰ লগে লগে সষ্টম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ এই লোকসকলৰ মাজৰ পৰা প্ৰায় ২০০০ লোকক কামৰূপ জিলাত কোৱাৰেণ্টাইন কৰা হ’ব ৷ সেয়ে কোৱাৰেণ্টাইনৰ স্থান নিৰ্ধাৰণৰ বাবে সম্প্ৰতি ব্যস্ত হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন ৷

কোৱাৰেণ্টাইন গৃহৰ স্থান পৰিদৰ্শন

শনিবাৰে এই স্থান নিৰ্বাচনৰ বাবে বাইহাটা চাৰিআলি আৰু কমলপুৰৰ বিভিন্ন অডিট’ৰিয়ামৰ লগতে কমিউনিটি হল পৰ্যবেক্ষণ কৰে অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ শৰ্মা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডা° বেদাংগ তালুকদাৰৰ লগতে কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা° অংকিতা শৰ্মাই । বিষয়া কেইগৰাকীয়ে কমলপুৰ উন্নয়ন খণ্ড, বাইহাটা চাৰিআলিৰ কৃষি ভঁৰাল, বেজেৰা, মান্দাকাটা আদিত থকা কেইবাটাও স্থান পৰ্যবেক্ষণ কৰে ।

লগতে চাওকঃ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহিত হ'ল সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.