ETV Bharat / state

Constituency delimitation : খিলঞ্জীয়াৰ স্বাৰ্থত ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী - ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা জনায় বকোৰ ছমৰীয়াত প্ৰতিবাদ ৷ প্ৰস্তাৱিত ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

Protest at Boko for SC reservation
ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী
author img

By

Published : Jul 1, 2023, 11:15 AM IST

ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী

বকো, 1 জুলাই : চলিত বৰ্ষৰ যোৱা 20 জুনৰ দিনা ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ খচৰা প্ৰকাশ কৰাৰ পিচত প্ৰতিক্ৰিয়া অব্যাহত আছে । খচৰাখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছমৰীয়াবাসীয়ে ৷ খচৰাখনত প্ৰকাশ পোৱা অনুসৰি পূৰ্বৰ ছয়গাঁও সমষ্টিৰ বিলুপ্তি ঘটাই 27 নং ছমৰীয়া সমষ্টিৰ বাবে প্ৰস্তাৱ দিছে ভাৰতীয় নিৰ্বাচন আয়োগে । এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে ছমৰীয়া অঞ্চলত বসবাস কৰা অনুসূচীত জাতিৰ লোকসকলে । এই সন্দৰ্ভত শুকুৰবাৰে স্থানীয় অনুসূচীত জাতিৰ লোকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ ছমৰীয়াৰ ৰামসৰস্বতী খেলপথাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷

ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে । '27 নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰক', 'আমাৰ দাবী নায্য দাবী', 'ন’ এছ চি ন’ ৰেষ্ট' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে কয়, 'বৰ্তমানৰ বকো সমষ্টিৰ ছমৰীয়া ব্ল’ক আৰু ছয়গাঁৱৰ গৰৈমাৰী ব্ল’ক সংযোজিত কৰি প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টিৰ নিৰ্মাণ কৰা হ’ব । কিন্তু বৰ্তমানৰ যি বকো সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, সেই সমষ্টিত বসবাস কৰা অনুসূচীত জাতিৰ জনসংখ্যাতকৈ প্ৰস্তাৱিত ছমৰীয়া সমষ্টিত অনুসূচীত জাতিৰ জনসংখ্যা বেছি ।' সেয়েহে প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগক প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ বাবে দাবী তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰীয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় নিৰ্বাচনী আয়োগ, জিলা উপায়ুক্ত, সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰা অসমৰ কমিটীৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

এগৰাকী প্ৰতিবাদকাৰীয়ে এই সন্দৰ্ভত কয়, অসম চৰকাৰে অসমীয়া জাতিৰ সুৰক্ষা, খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ কথা কয় ৷ কিন্তু প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টি বৰ্তমানৰ বকো সমষ্টিৰ ছমৰীয়া ব্ল’ক, নগৰবেৰা আৰু ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ব্ল’কক সংযোজিত কৰি বনোৱাৰ সিদ্ধান্ত লৈছে, এই প্ৰস্তাৱিত সমষ্টিত ছমৰীয়া সত্ৰ, মালিবাৰী সত্ৰ, মালঞ্চা সত্ৰ আৰু ডাড়ি সত্ৰ অন্তৰ্ভুক্ত হৈ আছে । ইতিমধ্যে এই সত্ৰসমূহৰ ভূমি বেদখল হৈছে আৰু এই ভূমি খিলঞ্জীয়া অসমীয়াই বেদখল কৰা নাই । গতিকে খিলঞ্জীয়া অসমীয়াক সুৰক্ষিত কৰিবলৈ হ’লে এই সত্ৰসমূহ সংৰক্ষিত কৰিব লাগিব আৰু তাৰ বাবেই প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ কৰিব লাগিব ।" এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিবেচনা কৰি চোৱাৰ বাবে অনুৰোধ জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Bodoland University Controversy: স্নাতক শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.