ETV Bharat / state

যুৱতী শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ দাবীঃ জাতীয় সংগঠনৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 10, 2019, 5:58 PM IST

Updated : Jun 10, 2019, 6:35 PM IST

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্যই জোকাৰি গৈছে ৰাজ্য । ঈদ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত যুৱতী নৃত্য দলক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোৱা হয় ৷

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্য

কামৰূপ, 10 জুনঃ যুৱতী শিল্পীক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি নিৰ্যাতন চলোৱা ছয়গাঁৱৰ আচলপাৰাৰ কাণ্ডক লৈ জাঙুৰ খাই উঠিছে জাতীয় সংগঠন । বকোত বগাইৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । সভাত শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ দাবী জাতীয় সংগঠনৰ । অৱশ্যে ঘটনাৰ লগত জড়িত দুজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷

উল্লেখ্য যে, ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্যই জোকাৰি গৈছে ৰাজ্য । ঈদ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত যুৱতী নৃত্য দলক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোবা হয় ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বকোত বগাইৰ কাৰ্যালয়ত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই এই দিশত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিক্ৰিয়া ভয়াৱহ হ'ব বুলি সকিয়নী প্ৰদান কৰে ৷ লগতে ঘটনাত জড়িত প্ৰতিজনৰে ঠিকনা ৰঙা ঘৰ হ'ব লাগিব বুলিও দাবী উত্থাপন কৰে জাতীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্য

আনহাতে, সোমবাৰে ছয়গাঁৱৰ ছাম্পুপাৰাত দক্ষিণ কামৰূপ জিলা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰাৰ অনুৰোধ জনায় । ন'হলে সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদত আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে ।

Intro:Body:ANCHOR_উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰি নৃত্য শিল্পী দলক নিৰ্যাতন চলোৱা ছয়গাঁৱৰ আচলপাৰাৰ জঘণ্য কাণ্ড লৈ জাঙুৰ খাই উঠিছে জাতীয় সংগঠন। বকোত বগাইৰ উদ্যোগত আজি এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ দাবী জাতীয় সংগঠনৰ। অৱশ্যে ছয়গাঁও আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে।

VOICE OVER_
ছয়গাঁৱৰ আচলপাৰাত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্যই জোকাৰি গৈছে ৰাজ্য। ঈদ উপলক্ষে নৃত্যানুস্থান আয়োজন কৰি উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰি নৃত্য শিল্পী দলক চলোৱা নিৰ্যাতনৰ ঘটনাক সহজভাৱে লব পৰা নাই জাতীয় সংগঠনে। ৰবিবাৰে বকোত বগাইৰ কাৰ্যালয়ত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই এই দিশত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিক্ৰিয়া ভয়াবহ হব বুলি সকিয়নী প্ৰদান কৰে।
BYTE_ৰমেন সিং ৰাভা, সভাপতি, আৰছু।

এই জঘণ্য কাণ্ডৰ ঘটনা বিৱৰি শিহৰি উঠে ভুক্তভোগী যুৱতীয়ে।
BYTE_নৃত্য শিল্পী
অৱশ্যে এই জঘণ্য কাণ্ডত জড়িত থকাৰ অভিযোগত ছয়গাঁও আৰক্ষীয়ে সুভাহান খান আৰু চাহাৰুখ খান নামৰ দুটা কালপ্ৰিটক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দুটাক নহয় ঘটনাত জড়িত থকা প্ৰতিজন কালপ্ৰিট ঠিকনা হব লাগিব ৰঙা ঘৰ - এই দাবী জাতীয় দল সংগঠনৰ, এই দাবী ৰাইজৰ। আনহাতে, ছয়গাঁৱৰ ছাম্পুপাৰাত দক্ষিণ কামৰূপ জিলা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই আয়োজন কৰে এক সংবাদ মেল আৰু ২৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰাৰ অনুৰোধ জনায়। অন্যথাই সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদত আন্দোলন গঢ়ি তুলিব বুলিও জনায়। Conclusion:
Last Updated : Jun 10, 2019, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.