ETV Bharat / state

ৰঙিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল

author img

By

Published : Aug 25, 2022, 2:17 PM IST

বিভিন্ন ধৰণৰ দুৰ্নীতিত জড়িত ৰঙিয়াৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক । শিক্ষকৰ দৰমহাৰ বিল বনোৱাৰ পৰা, ছাত্র-ছাত্ৰীৰ নামভৰ্তি, বিদ্যুৎ মাচুল, চাইকেল যোগান আদি সকলোতে ধন বিচাৰে প্ৰধান শিক্ষকে (Corruption of Headmaster)। শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

Corruption of Headmaster
ৰঙিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল

ৰঙিয়া, ২৫ আগষ্ট : ৰঙিয়াত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল গাঁৱৰ ৰাইজ (Protest against corrupt headmaster)। জয়ন্তীপুৰৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক ধ্ৰুৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে কামৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগ ৰাইজৰ । আনহাতে এই অভিযোগ দাখিল কৰাৰ পাছতো শিক্ষা বিভাগে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে দুৰ্নীতিৰ অভিযোগত আঢ়ৈ মাহ পূৰ্বে প্ৰধান শিক্ষক ধ্ৰুৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰাৰ পাছতো আজিলৈকে শিক্ষা বিভাগৰ সঞ্চালকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । বিষয়টো সন্দৰ্ভত বহুবাৰ লিখিত অভিযোগ দাখিল কৰাৰ পিছতো বিভাগটোৱে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰা বৃহস্পতিবাৰে একাংশ সচেতন ৰাইজে সংবাদ মেলৰ আয়োজন কৰি শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

সংবাদমেলত ৰাইজে সংবাদিকৰ আগত উত্থাপন কৰা অভিযোগ অনুসৰি প্ৰধান শিক্ষকজনে দৰমহাৰ বিল বনোৱাৰ নামত বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা কৰ্মচাৰীৰ পৰা ধন দাবী কৰিছিল (Corruption of Headmaster)। দাবী কৰা ধন নোপোৱাৰ বাবে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী চাহিদা বেগমৰ দৰমহাৰ বিল বন্ধ কৰি থোৱা বুলিও সেই সময়ত ৰঙিয়াৰ মহকুমাধিপতিৰ ওচৰত এখন লিখিত অভিযোগ দাখিল কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই ৰঙিয়াৰ মহকুমাধিপতিয়ে বিষয়টো সন্দৰ্ভত দণ্ডাধীশৰ দ্বাৰা তদন্ত কৰিছিল ।

পিছত দণ্ডাধীশৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৰঙিয়া থানাত যোৱা ৭ জুনত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । আনহাতে বিদ্যালয়খনৰ একাংশ ছাত্র-ছাত্ৰীৰ নামভৰ্তি, বিদ্যুৎ মাচুল, চাইকেল যোগান ধৰাৰ নামতো বিভিন্ন অনিয়মেৰে প্ৰধান শিক্ষকজনে ধন দাবী কৰি অহা বুলিও বহুদিনৰ পৰা অভিযোগ উৎত্থাপন হৈ আহিছে । এনেবোৰ অভিযোগ সন্দৰ্ভত ৰাইজে যোৱা ১১ জুনত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি পিছত শিক্ষা বিভাগৰ সঞ্চালকক প্ৰধান শিক্ষকজনৰ দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰিছিল (Rangia school headmaster corruption)।

কিন্তু বৰ্তমানলৈ সঞ্চালকগৰাকীয়ে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁৰ ভূমিকাক লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰে । সঞ্চালকগৰাকীয়ে 'মেনেজ' হোৱা বাবে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি বিষয়টো সন্দৰ্ভত শীঘ্ৰে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :মাজুলীৰ মুখা শিল্পক অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.