ETV Bharat / state

ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা

ড্ৰাগছৰ বিৰুদ্ধে ৰঙিয়াত শুকুৰবাৰে তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ উদ্যোগত শোভাযাত্ৰা কাৰ্যসূচী ৷ ৰঙিয়াত ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠাৰ পাচতে বিভিন্ন পদক্ষেপ গ্ৰহণৰ পাচতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এই সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰে ৷

author img

By

Published : Nov 28, 2020, 12:54 PM IST

procession against drugs
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে শোভাযাত্ৰা

ৰঙিয়া,28 নৱেম্বৰ : ৰঙিয়াত শুকুৰবাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ ৷ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে উলিয়ায় এই সজাগতামূলক শোভাযাত্ৰা ।

procession against drugs
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে শোভাযাত্ৰা

শেহতীয়াকৈ ৰঙিয়াত ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠা পৰিলক্ষিত হৈছে । নৱ প্ৰজন্মৰ একাংশ ড্ৰাগছত আসক্ত যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে পৰিয়াল সমূহলৈও দুৰ্যোগ নমাই আনিছে । একাংশ লোকে সহজলভ্য ধনৰ লালসাৰে মুনাফালোভী চোৰাং ব্যৱসায়ীৰ ছত্ৰছায়াত ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ বিপৰীতে আন একাংশ সমাজ সচেতন ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছে ।

এনে এক প্ৰয়াসৰ আধাৰত ৰঙিয়াৰ সমাজকৰ্মী নিপন ভূঞাৰ প্ৰযোজনা আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি ‘ড্ৰাগছ দ্যা চাইলেণ্ট কিলাৰ’ৰ প্ৰথম খণ্ডৰ সফলতাৰ পাচত ইতিমধ্যে দ্বিতীয় খণ্ডৰ দৃশ্যগ্ৰহণৰ কামৰ শুভাৰম্ভণি কৰা হয় ৷

ইয়াৰ লগত সংগতি ৰাখি ৰঙিয়াৰ তুলসীবাৰী অঞ্চলত সচেতনতাৰ বাণী সমৃদ্ধ শ্ল’গানেৰে বিশাল সমদল উলিওৱা হয় । তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈয়ে উদ্বোধন কৰা সমদলটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰী কেবাগৰাকীও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অনলাইনযোগে গুৱাহাটীৰ গ্ৰাহকে পাব হীৰাৰ আ-অলংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.