ETV Bharat / state

পলাশবাৰীত বিধান সভা নিৰ্বাচনৰ কুচকাৱাজ - pandemic

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজ্যৰ সমষ্টিয়ে-সমষ্টিয়ে এতিয়া তৎপৰ হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ । কোনো কোনো সমষ্টিত অকলশৰীয়াকৈয়ে প্ৰস্তুত হৈছে বহুজন । ইয়াৰ মাজতে পলাশবাৰী সমষ্টিত আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এগৰাকী উদ্যমী যুৱকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে নিজৰ নাম ।

prepare for election as independent candidate from palashbari
পলাশবাৰীত আৰম্ভ আগন্তুক বিধান সভা নিৰ্বাচনৰ কুচকাৱাজ
author img

By

Published : Jul 5, 2020, 5:35 PM IST

আজাৰা, ৫জুলাই: এতিয়া ৰাজ্যত অব্যাহত আছে ক'ৰণা ভাইৰাছৰ সন্ত্ৰাস । এই ক'ৰণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ সমান্তৰাল ভাৱে প্ৰস্তুতি চলিছে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ । ২০২১ চনত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে । যদিওঁ মহামাৰী কৰ'ণাৰ বাবে পোনপটিয়াকৈ নিৰ্বাচনী কুচকাৱাজ চলাব পৰা নাই তথাপিওঁ নিৰ্বাচনী যুঁজৰ বাবে সাজু সকলো ৰাজনৈতিক দল ।

ইতিমধ্যে বহুকেইটা দলে সমষ্টিয়ে-সমষ্টিয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকা । বহু নেতাই ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থীত্বৰ আশা কৰাৰ বিপৰীতে কোনোজনে নিৰ্দলীয় হৈয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কৰিছে ।

পলাশবাৰীত আৰম্ভ আগন্তুক বিধান সভা নিৰ্বাচনৰ কুচকাৱাজ

এইবাৰ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মন মেলিছে সমষ্টিটোৰ এজন উদ্যামী যুৱকে । যুৱকজন হৈছে পলাশবাৰী বিধানসভা সমষ্টিৰে মুকুট কলিতা । ইতিমধ্যে বিভিন্ন সামাজিক কাম-কাজৰ জড়িয়তে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে এই উদ্যমী যুৱকজন । চল-চাতুৰি তথা সুতা-কম্বল-ছাতি বিতৰণৰ ৰাজনীতি নকৰাকৈয়ে ভোটাৰ ৰাইজৰ কাষ চাপিব বিচাৰিছে এইজন যুৱকে ।

"বৰ্তমানৰ বিজেপি বিধায়ক প্ৰনৱ কলিতা আৰু প্ৰাক্তন মন্ত্ৰী যতিন মালী সমষ্টিবাসীৰ বাবে এতিয়া হৈ পৰিছে অপ্ৰাসংগিক । যাৰ বাবে সমষ্টিবাসীয়ে এতিয়া সন্ধান কৰি আছে এখন নতুন মুখৰ।" নিজৰ বাসগৃহতে আয়োজিত এখন সংবাদ মেলত এইদৰে মন্তব্য কৰিলে উদ্যমী যুৱক মুকুট কলিতাই ।

নিজৰ সমষ্টিতে এলাগী হৈ পৰা ছয়গাওঁ সমষ্টিৰ এজন প্ৰাক্তন বিধায়কে পলাশবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি যি ধৰনৰ চৰ্চা চলিছে সেই সন্দৰ্ভত মুকুট কলিতাই কলে, পলাশবাৰী সমষ্টিৰ ভোটাৰ সকল নম্ৰ হোৱাৰ লগতে শিক্ষিতও । সেয়েহে সমষ্টিটোৰ ভোটাৰে কোনো বহিৰাগত নেতাক সমষ্টিত প্ৰশ্ৰয় নিদিয়ে ।

দুটাকৈ ৰাষ্ট্ৰীয় আৰু এটা আঞ্চলিক দলৰ প্ৰতিদ্বন্দিৰ লগত এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ভোটাৰক কেনেদৰে আকৰ্ষণ কৰিব সেয়া হ'ব লক্ষণীয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.