ETV Bharat / state

Independence Day preparations: জাতীয় পতাকা প্ৰস্তুত কৰাত ব‍্যস্ত ৰঙিয়াৰ চাৰে চাৰি হাজাৰ মহিলা

৭৫ সংখ্যক স্বাধীনতা দিৱস সমাগত(Forthcoming Independence Day) । স্বাধীনতা দিৱসৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে(Independence Day Amrit Mahotsav preparations) । দেশৰ ভিন্ন প্ৰান্তৰ লগতে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ সাজু হৈছে ৰঙিয়াবাসী(Amrit Mahotsav) । ত্ৰিৰংগা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল ।

author img

By

Published : Jul 24, 2022, 7:09 PM IST

preparations for 75th independence day in rangia
জাতীয় পতাকা প্ৰস্তুত কৰাত ব‍্যস্ত ৰঙিয়াৰ চাৰে চাৰি হাজাৰ মহিলা

ৰঙিয়া,২৪ জুলাই: দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে উৰিব জাতীয় পতাকা(Forthcoming Independence Day) । ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ সকলোৱে নিজৰ নিজৰ ঘৰৰ চৌহদত উত্তোলন কৰিব ১৪০ কোটি জনতাৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকা(National flag of 140 crore people to hosting on Independence Day) । সেয়ে দিনে নিশাই ত্ৰিৰংগা পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৰঙিয়াৰ চাৰি সহস্ৰাধিক মহিলা(Independence Day Amrit Mahotsav preparations) ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ চাৰিশ আত্মসহায়ক গোটৰ মহিলাসকলে ৰঙিয়াৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে জাতীয় পতাকা চিলাই কৰি আছে । যি সকল মহিলাই মেচিনেৰে চিলাই কৰিব পৰা নাই তেওঁলোকে হাতেৰে হলেও জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । পতাকাসমুহ চিলাই সম্পূৰ্ণ কৰাৰ অন্তত অসম ৰাজ‍্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মণ্ডল পৰ্যায়ৰ সভানেত্ৰীয়ে অশোক চক্ৰৰ চিহ্ন চাব মাৰি জাতীয় পতাকা সমুহৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিব ।

এই পতাকা সমুহ প্ৰস্তুত কৰি উলিওৱাৰ পিছতে ৰঙিয়াৰ ডিমু ডোৱকত ত্ৰিৰংগ পতাকা বিক্ৰীৰ বাবে মহিলাৰ বজাৰ স্থাপন কৰা হ'ব । স্বাধীনতা দিৱসৰ পূৰ্বে স্থাপন হোৱা বজাৰখনৰ বিক্ৰেতা সকল হৈছে মহিলা । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাত গুৰুত্ব প্ৰদান কৰিছে । জাতীয় পতাকা প্ৰস্তুতৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা মহিলাসকলক জাতীয় পতাকাৰ কাপোৰ যোগান ধৰা হৈছে ।

এখন পতাকা চিলাইৰ বাবদ মহিলাসকলক দিয়া হৈছে পাঁচ টকাকৈ । এই সকল মহিলাই উৎপাদনমুখী কামত জড়িত হৈ নিজৰ পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলা এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পায় যথেষ্ট উৎসাহিত হৈ পৰিছে এইসকল মহিলা । দেশপ্ৰেমমূলক মনোভাৱেৰে বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক: LPG cylinder Crisis in Guwahati: ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.