ETV Bharat / state

জুবিনৰ আশু আৰোগ্য কামনা কৰি ৰঙিয়াত নাম প্ৰসংগ

author img

By

Published : Mar 2, 2020, 7:48 AM IST

শুকুৰবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰিছিল শিল্পী জুবিন গাৰ্গ ৷ ৰঙিয়াৰ হাইৱে' ছ'চাইটি চ’কৰ বাৰোৱাৰী শিৱ মন্দিৰত দেওবাৰে নিশা স্থানীয় মহিলাসকলে জুবিনৰ আশু আৰোগ্য কামনা কৰি নাম প্ৰসংগ কৰে ৷

Pray for speedy recover of Zubeen at Rangiya
জুবিনৰ আশু আৰোগ্য কামনা কৰি ৰঙিয়াত নাম প্ৰসংগ

ৰঙিয়া, 2 মাৰ্চঃ ৰঙিয়াত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি মহিলাৰ নাম প্ৰসংগ ৷ শুকুৰবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰিছিল শিল্পী জুবিন গাৰ্গ ৷ বৰ্তমান তেওঁ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসকে জনোৱা মতে জুবিন ক্ৰমাৎ সুস্থ অৱস্থালৈ ঘূৰি আহিছে ৷ জুবিনৰ আশু আৰোগ্য কামনা কৰি ৰাজ্যৰ বিভিন্ন ঠাইত গুণমুগ্ধই জনাইছে প্ৰাৰ্থনা ৷

ৰঙিয়াৰ হাইৱে' চোছাইটি চ’কৰ বাৰোৱাৰী শিৱ মন্দিৰত দেওবাৰে নিশা স্থানীয় মহিলাসকলে জুবিনৰ আশু আৰোগ্য কামনা কৰি নাম প্ৰসংগ কৰে ৷ মৰমৰ শিল্পীগৰাকীয়ে যাতে অতি শীঘ্ৰেই সম্পূৰ্ণ সুস্থ হৈ পুনৰ সংগীতৰ জগতলৈ ঘূৰি আহিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এইসকল গুণমুগ্ধই ।

আৰু পঢ়কঃডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰশংসা ইটিভি ভাৰতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.