ETV Bharat / state

পৰেশ বৰুৱাক মূল সুঁতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ - BPF

বিটিআৰৰ বিৰোধী দল বিপিএফে সদনত উপস্থিত নথকা বিষয়টোতো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ তেওঁ এই সন্দৰ্ভত ৰাজ্যপালক অভিযোগ দিয়া কথাও জানিবলৈ দিয়ে ।

pramod boro on ULFA
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূল সুতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ
author img

By

Published : Jun 5, 2021, 2:43 PM IST

ৰঙিয়া, 6 জুন : এইবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah)ক মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (Pramod Boro) । উল্লেখ্য যে, ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (ULFA) সন্দৰ্ভত ইতিবাচক মন্তব্য কৰাৰ পাছতে সমগ্ৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছিল ।

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূল সুতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ

অসমত সম্পূৰ্ণ ৰূপে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে শনিবাৰে ৰঙিয়াত আলফাৰ সেনাধ্যক্ষগৰাকীক মূল সুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনায় ৷ তেওঁ আলফাক দীৰ্ঘদিনীয়া সংগ্ৰামখন শেষ কৰিব লাগে বুলি মন্তব্য কৰি পৰেশ বৰুৱাক শান্তি আলোচনাত ঘূৰি আহিলে আলফাৰ যি সমূহ সমস্যা আৰু সংগ্ৰাম আছে তাৰ ওপৰত মাত মাতিবলৈ প্ৰস্তুত আছে বুলি উল্লেখ কৰে ৷

আনহাতে, বিটিআৰ (BTR)ৰ বিৰোধী দল বিপিএফে সদনত উপস্থিত নথকা বিষয়টোতোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ (BTR) প্ৰধান প্ৰমোদ বড়োৱে ৷ তেওঁ এই সন্দৰ্ভত ৰাজ্যপালক অভিযোগ দিয়া কথাও জানিবলৈ দিয়ে । বিটিআৰ (BTR) প্ৰধান গৰাকীয়ে লগতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ (BPF) দলে গণতান্ত্ৰিক ব্যৱস্থাক অসন্মান কৰিছে বুলি অভিযোগ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.