ৰঙিয়া, ১৭ছেপ্টেম্বৰ:ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কাৰ্যকলাপে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে ৰঙিয়াত । ৰঙিয়া বিদ্যুৎ সংমণ্ডলৰ চিৰাখুন্দিৰ গাঁৱত এনে এক কাণ্ড সংঘটিত হৈছে(Power department sent unusual bill in Rangia)। এখন অস্বাভাৱিক বিদ্যুৎ বিলৰ ধনৰ পৰিমাণ দেখি সৰগ ভাগি পৰিছে গাওঁখনৰ এটি পৰিয়ালৰ ।
স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ(Controversy over smart meters in Assam) সৃষ্টি হোৱাৰ সময়তে ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড (Strange Electricity bill to customer in Chirakhundi)। এটা পৰিয়াললৈ ১ লাখ ১ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰাৰ পিছতেই উপভোক্তা ৰাইজৰ মাজক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই লৈ দুচিন্তাত পৰিছে পৰিয়ালটোৰ সদস্য়সকল । ভুক্তভোগী পৰিয়ালটো হৈছে ৰঙিয়াৰ চিৰাখুন্দিৰ বাসিন্দা আব্দুল গণি ।
উল্লেখ্য় যে এই পৰিয়ালটোলৈ পূৰ্বতে ৮০০ টকাৰ পৰা ১২০০ টকাৰ ভিতৰত বিল আহিছিল । এইবাৰ স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছতে আশ্চৰ্যজনকভাৱে বিদ্যুৎ বিভাগে এই পৰিয়ালটোলৈ ১ লাখ ১ হাজাৰ ১২১ টকাৰ বিল প্ৰেৰণ কৰে । অনাকাংক্ষিতভাৱে হঠাৎ এনে আজৱ বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰে । কেৱল এই পৰিয়ালটোৱেই নহয়,গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত ২-৩ গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগীয়া হোৱাত দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে ।
উত্থাপিত অভিযোগ মতে, গ্ৰাহকে মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পিছতো মাহেকত বিদ্যুতৰ মাচুল আহিছে অস্বাভাৱিক ৷ ঘৰুৱা তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিদ্যুতৰ মাচুল অত্যধিক দেখি আচম্বিত হৈ পৰা গ্ৰাহকে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৷
লগতে পঢ়ক:জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ