ETV Bharat / state

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ - পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ ৷ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এইবাৰ ৰাজপথত বহিল ৰঙিয়া বহু ৰাইজ (People protest at Rangia) ৷

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Apr 16, 2022, 2:22 PM IST

ৰঙিয়া, 16 এপ্ৰিল : প্ৰতিবাদত উত্তাল হ’ল ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি (People protest at Rangia) ৷ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ পূৱ তৰণী কৰৰাৰ পৰা পোৰাধাপ সত্ৰ সংযোগী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ এইবাৰ ৰাজপথলৈ ওলাই আহিল গাঁওখনৰ বহু পুৰুষ মহিলা । ৰাইজৰ অভিযোগ, দিনক দিনে জহি-খহি গৈ উক্ত পথচোৱা ৷ যাৰ ফলত বোকা পানীৰে ভৰি পৰিছে এই গুৰুত্বপূৰ্ণ পথটো ।

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ
বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ

কি ৰ’দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে বোকা-পানীৰে কদৰ্যময় হৈ থাকে উক্ত পথচোৱা । এই পথটোৰে দৈনিক শ শ যাত্ৰীয়ে যাতায়তৰ নামত যমৰ যাতনা ভুগি আহিছে । বিগত নিৰ্বাচনৰ পূৰ্বেও এই পথটো পকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কিন্তু নিৰ্বাচনৰ পিছতো পথটো মেৰামতি ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বেকী নদীৰ পাৰত ৰৈ গণ আত্মজাহৰ ভাবুকি চি পি আই এমৰ

স্বাধীনতাৰ 75 বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ উক্ত পথটো নিৰ্মাণ নোহোৱাত সাধাৰণ জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে । বিশেষকৈ অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এই পথটোৰ বোকা-পানী গছকি অতি কষ্টেৰে বিদ্যালয়লৈ অহা-যোৱা কৰিব লগাত পৰিছে । কিন্তু এই ক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

ভবেশ কলিতাৰ গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদ

বিগত কেইবাদিন দিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত উক্ত পথচোৱাত সৃষ্টি হৈছে বৃহৎ পুখুৰী সদৃশ গাঁত ৷ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই অঞ্চলটোত । আনহাতে, জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসীয়ে ।

সেয়ে শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞা ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেয়ে ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ আঞ্চলবাসীয়ে দাবী জনায় ।

লগতে পঢ়ক : মাণিকপুৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.