ETV Bharat / state

আৰক্ষীৰ জালত সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা দুৰ্বৃত্ত

author img

By

Published : Nov 17, 2020, 10:23 PM IST

ৰবিবাৰে দিনৰ ভাগতে দক্ষিণ কামৰূপৰ মনিয়েৰী তিনিআলিত ভূ মাফিয়া তথা জুৱাৰী সঞ্জয় ঠাকুৰীয়াৰ নেতৃত্বত একাংশ দুৰ্বৃত্তই লাইটৰ পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰি লেবেজান কৰিছিল মিলন মহন্ত নামৰ সংবাদ কৰ্মীগৰাকীক । যাৰ পৰিপ্ৰেক্ষিতত মূল দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষীক ২৪ ঘণ্টা সময় সীমা বান্ধি দিছিল ৰাইজে ।

police-arrest-on-reporter-attack
আৰক্ষীৰ জালত সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা দুৰ্বৃত্ত

আজাৰা, 17 নৱেম্বৰ: ৰাজ্য কঁপাই যোৱা সাংবাদিক মিলন মহন্তক শাৰীৰিক নিৰ্যাতনৰ ঘটনাৰ লগত জড়িত দিগন্ত দাস (৩৭) জুৱাৰী এজনক গ্ৰেপ্তাৰ কৰে পলাশবাৰী আৰক্ষীয়ে । উক্ত দিনা সংঘটিত হোৱা ঘটনাস্থলীৰ সমীপৰ তিনিআলী মেনাপাৰাৰ পৰা যোৱানিশা আটক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিগন্ত দাসক । অৱশ্যে পলাশবাৰী আৰক্ষী থানাই মূল অভিযুক্তকাৰী সঞ্জয় ঠাকুৰীয়াক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, দেওবাৰে দিনৰ ভাগতে দক্ষিণ কামৰূপৰ মনিয়েৰী তিনিআলিত ভূ মাফিয়া তথা জুৱাৰী সঞ্জয় ঠাকুৰীয়াৰ নেতৃত্বত একাংশ দুৰ্বৃ্ত্তই লাইটৰ পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰি লেবেজান কৰিছিল মিলন মহন্ত নামৰ সংবাদ কৰ্মীগৰাকীক । যাৰ পৰিপেক্ষিতত মূল দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষীক ২৪ ঘণ্টা সময় সীমা বান্ধি দিছিল ৰাইজে । কিন্তু ৪৮ ঘণ্টা সময় উকলি যোৱাৰ পিচতো মূল অপৰাধী সঞ্জয় ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে একাংশ জুৱাৰীক কৰায়ত্ব কৰিয়ে দায়িত্ব সামৰিছে পলাশবাৰী আৰক্ষীয়ে ।

লগতে পঢ়ক: নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত পথ দুৰ্ঘটনা: আহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.