ETV Bharat / state

Flood at Baihata: বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত পীযুষ হাজৰিকা, দিগন্ত কলিতা - জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা

জলমগ্ন সমগ্ৰ উত্তৰ কামৰূপ ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কৱলত উত্তৰ কামৰূপৰ ভালেকেইখন গাঁও ৷ শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ সেই অঞ্চলসমূহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika visited flood affected area), বিধায়ক দিগন্ত কলিতা আৰু কামৰূপৰ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক ৷

pijush hazarika Diganta Kalita visited flood affected area of North kamrup
Flood at Baihata: বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত পীযুষ হাজৰিকা, দিগন্ত কলিতা
author img

By

Published : Jun 17, 2022, 5:34 PM IST

Updated : Jun 17, 2022, 6:17 PM IST

বাইহাটা, 17 জুন: সমগ্ৰ উত্তৰ কামৰূপত বানৰ বিভিষিকা । বাইহাটা চাৰিআলিৰ সৰহ সংখ্যক গাঁও এতিয়া পানীৰ তলত । আনকি ভিতৰুৱা পথ সমুহো পানীৰ তলত । বিগত চাৰি-পাঁচ দিনে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কলাজল নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি অহাত বাইহাটাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (Flood in Baihata) ৷

শুকুৰবাৰে জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika visited flood affected area) বিধায়ক দিগন্ত কলিতাক লগত লৈ কলাজল নদীৰ বাঢ়নি পানীয়ে জলমগ্ন কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ সেই স্থানত উপস্থিত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বানপীড়িত ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় (MLA Diganta Kalita visited flood affected area) ৷ লগতে বানপীড়িত সকলক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈ আহিবলৈ পৰামৰ্শ দিয়ে ৷

Flood at Baihata: বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত পীযুষ হাজৰিকা, দিগন্ত কলিতা

ইফালে এক দিনাই সেই অঞ্চলত কামৰূপৰ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক উপস্থিত হৈ উত্তৰ কামৰূপ অঞ্চলত পূৰ্বে এনে ধৰণৰ বানপানী হোৱা নাছিল বুলি ব্যক্ত কৰে ৷ লগতে বানপানীত আবদ্ধ হৈ থকা লোকসকলক এছ ডি আৰ এফ, এন ডি আৰ এফৰ সহায়ত উদ্ধাৰৰ কাম আৰম্ভ কৰা বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷

ইয়াৰ লগতে বানাক্ৰান্ত অঞ্চল সমূহলৈ শীঘ্ৰেই সাহাৰ্য্য সামগ্ৰী আগবঢ়াব বুলি জনালে উপায়ুক্তগৰাকীয়ে । ইতিমধ্যে স্থানীয় প্ৰশাসনক কামৰূপ জিলা প্ৰশাসনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ওৱানৱে কৰি এটা পথত আশ্ৰয় শিবিৰ বনাবলৈ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: ২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

Last Updated : Jun 17, 2022, 6:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.