বকো,2 জানুৱাৰী: সমগ্ৰ বিশ্বই কৰ’ণাৰ বিভীষিকাক পাহৰি পুৰণি বছৰটোক বিদায় দি উলহ-মালহেৰে আদৰিলে এটি নতুন বছৰক ৷ সমান্তৰালকৈ, চুবুৰীয়া ৰাজ্য মেঘালয়তো উলহ-মালহেৰে আদৰণি জনোৱা হয় ইংৰাজী নৱবৰ্ষক ৷ নৱবৰ্ষৰ প্ৰথমটো দিনতে মেঘালয়ৰ তুৰা-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে মেঘালয়ৰ জেংজাল অঞ্চলৰ লোকসকল ৷
শুকুৰবাৰে দিনৰ ভাগত অঞ্চলটোৰ লোকসকলে নাচি-বাগি, গীত গাই ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে ৷ কৰ’ণা মহামৰী সম্পূৰ্ণৰূপে নিৰ্মূল নহওতেই এনেদৰে এইসকল লোক দলে বলে ওলাই অহা কাৰ্যক লৈ কিছু চিন্তিত হৈ পৰিছে সচেতন মহল ৷
লগতে পঢ়ক-জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ