ETV Bharat / state

চানডুবি উৎসৱ আয়োজনৰ প্ৰস্তুতি তুংগত - চানডুবি উৎসৱ

দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত প্ৰৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে উজলি থকা মনোৰম চানডুবি বিলৰ বাকৰিতে অনুষ্ঠিত হব চানডুবি উৎসৱ । নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা চাৰিদিনীয়াকৈ চলিব লগা এই চানডুবি উৎসৱৰ চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।

pepartion for chandubi festival
চানডুবি উৎসৱলৈ প্ৰস্তুতি তুংগত তুলিছে উদ্যোক্তাসকলে
author img

By

Published : Dec 25, 2020, 10:57 PM IST

কামৰূপ, 25 ডিচেম্বৰ : আপুনি যদি বনভোজ খাবলৈ যাম বুলি ভাবিছে তেন্তে আহক চানডুবিলৈ । প্ৰকৃতিৰ ৰম্যভূমি ঐতিহাসিক চানডুবি । ১৮৯৭ চনৰ ১২ জুনত অসমত হোৱা ভূমিকম্পত পাঁচটা পাহাৰ মাটিৰ তলত যোৱাৰ ফলত সৃষ্টি হৈছিল চানডুবি বিলৰ । পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই চানডুবি বিল সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বৰদুৱাৰ ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিগত কেইবছৰমানৰ পৰা চানডুবি বিল সংৰক্ষণৰ বাবে অনুষ্ঠিত কৰি আহিছে চানডুবি মহোৎসৱ ।

চানডুবি উৎসৱলৈ প্ৰস্তুতি তুংগত তুলিছে উদ্যোক্তাসকলে

দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত প্ৰৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে উজলি থকা মনোৰম চানডুবি বিলৰ বাকৰিতে অনুষ্ঠিত হব চানডুবি উৎসৱ ।এইবাৰ একাদশ চানডুবি মহোৎসৱ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰী লৈ বণাঢ্য কার্যসূচীৰে অনুষ্ঠিত কৰিব চানডুবি মহোৎসৱ উদযাপন সমিতিয়ে । তাৰ উপলক্ষে উৎসৱৰ কাম পূৰ্ণ গতিত কৰিছে ৰাভা ছাত্ৰ সন্থাৰ সদস্যসকলে । বিগত বৰ্ষত কা প্ৰতিবাদৰ বাবে চানডুবিৰ বাকৰিত অনুষ্ঠিত নহ'ল চানডুবি মহোৎসৱ । কিন্তু এইবাৰ কৰ'ণাৰ পৰিস্থিতি কিছু শাম কটাৰ লগে লগেই উদ্যোক্তাসকলে অনুষ্ঠিত কৰিব ওলাইছে চানডুবি উৎসৱ । এই উৎসৱত জনজাতীয় খাদ্য সম্ভাৰৰ জুতি লোৱাৰ লগতে সাজ-পাৰ আৰু লোক নৃত্য গীতো উপভোগ কৰিব পাৰিব উৎসৱ লৈ অহা পৰ্যটকসকলে ।

পৰ্যটক সকলক আকৰ্ষিত কৰাৰ বাবে উৎসৱস্থলীত বিভিন্ন জাতি জনজাতিৰ লোক নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এখনি খাদ্য প্ৰদৰ্শনীও অনুষ্ঠিত কৰিব উদ্যোক্তাসকলে । বাঁহৰ চুঙাত চাহ, কলপাতত দিয়া পিঠা, পুৰা গাহৰি মাংস, ঔ টেঙাৰ জোল, শামুকৰ লগতে বিভিন্ন খাদ্যৰ জুতি ল’ব পাৰিব উৎসৱলৈ অহা পৰ্যটকসকলে । তাৰ উপৰি প্ৰাকৃতিকভাবে সৃষ্টি হোৱা চানডুবি বিলত নৌকা বিহাৰ কৰি আমেজ ল’ব পাৰিব পৰ্যটকসকলে । মুঠৰ ওপৰত প্ৰকৃতিৰ ৰম্যভূমি চানডুবি উৎসৱ লৈ অহা বিভিন্ন ঠাই পৰ্যটক সকলক আদৰাৰ বাবে দিনে নিশাই ব্যস্ত হৈছে উদ্যোক্তাসকল ।

লগতে পঢ়ক: গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.