ETV Bharat / state

হাতী খেদিবলৈ নহয়,মানুহ ৰখিবলৈ এটা টঙীঘৰ

author img

By

Published : Jun 27, 2020, 4:03 PM IST

এটা টঙীঘৰ ৷ দিনে নিশাই এই টঙী ঘৰটোত থাকে পহৰাদাৰ ৷ গছৰ ওপৰত অস্থায়ীভাৱে সাজি লোৱা হৈছে টঙীঘৰটো ৷ সাধাৰণতে এনেকুৱা ধৰণৰ টঙী ঘৰ খেতি ৰখিবলৈ বা হাতী খেদিবলৈ সজা হয় ৷ এই কথা আপুনিও জানে যে,টঙীঘৰ কিয় সাজে গঞা ৰাইজে ৷ কিন্তু আপুনি মই ভবাৰ দৰে নহয় কথাটো ৷

হাতী খেদিবলৈ নহয়,মানুহ ৰখিবলৈ এটা টঙীঘৰ
হাতী খেদিবলৈ নহয়,মানুহ ৰখিবলৈ এটা টঙীঘৰ

বকো, 27 জুনঃ আচলতে কোনো জীৱ জন্তু বা চোৰৰ বাবে পহৰা দিয়া নাই ৷ কামৰূপ জিলাৰ বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত স্থাপন কৰা এটা কোৱাৰাইন্টাইন কেন্দ্ৰত পহৰা দিছে তিনিখন গাঁৱৰ ৰাইজে ৷ উদ্দেশ্য, কোৱাৰেন্টাইন কেন্দ্ৰটোৰ পৰা যাতে কোনো লোক পলাই যাব নোৱাৰে ৷ চ'কাবাহা, জাৰাপাৰা আৰু মৌমান গাঁৱৰ লোকসকলে ৮ ঘন্টাকৈ ২৪ ঘন্টাই গছৰ ওপৰত বহি পহৰা দিছে এটা কোৱাৰেন্টাইন কেন্দ্ৰ ৷ এই কেন্দ্ৰটো স্থাপন হোৱাৰ পাছতে ৰাইজে স্থানীয় প্ৰশাসনৰ লগত লগ হৈ গাঁৱৰক্ষী বাহিনীৰ জৰিয়তে দিনে নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে । কাৰণ ইতিমধ্যে অসমৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা বহু লোকে পলায়ন কৰাৰ তথ্য আছে ৷ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতে-

PEOPLE MOUNT ON TREE TOP HOUSE TO GUARD QUARANTINE CENTER IN ASSAM
মানুহ ৰখিবলৈ এটা টঙীঘৰ
  • সৰুসজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা 3 জন
  • গোলাঘাটৰ পৰা এজন লোক
  • কোকৰাঝাৰৰ বেচৰগাঁও কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা 33 জন
  • শিলচৰৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা 3 জন
  • গোলাঘাটৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা 3জন
  • বঙাইগাঁৱৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা 1 জন

লোকে পলায়ন কৰাৰ তথ্য প্ৰকাশ পাইছে বিগত দিনত ৷ সেয়ে বকোৰ তিনিখন গাঁৱৰ ৰাইজে কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা কোনো লোক পলাই গৈ যাতে বিপদ ঘটাব নোৱাৰে তাৰ বাবে দিনে নিশাই পাল পাতি পহৰাৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে অসমত ব্যাপক মাত্ৰাত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷

এই পৰ্যন্ত অসমত 6919 জন লোক আক্ৰান্ত হৈছে কৰ'ণাত

যাৰ বাবে চৰকাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনত পুনৰ লক ডাউন ঘোষণা কৰিছে ৷ অৱশ্যে এই লক ডাউন গুৱাহাটীৰ ক্ষেত্ৰত 14 দিনৰ বাবে থাকিব আৰু সমগ্ৰ ৰাজ্যতে সপ্তাহৰ দুটা দিন সম্পূৰ্ণ লক ডাউন হৈ থাকিব ৷

লগতে চাওকঃ গোলাঘাটত পুনৰ বন্যহস্তীৰ ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.