বাইহাটা চাৰিআলি, 19 ছেপ্টেম্বৰ : বাইহাটা চাৰিআলিত প্ৰহসনত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমুহৰ কিছু দৃশ্যই স্পষ্ট কৰিছে এই তথ্য । জালুকবাৰী তথা কমলপুৰ সমষ্টিৰ কেবাটাও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সম্প্ৰতি হাবি জংঘলে আৱৰি ধৰা পৰিলক্ষিত হৈছে । প্ৰায় সাত বছৰ পূৰ্বে স্থাপন কৰা আঁচনিখনৰ পৰা দুবছৰমান পানী লাভ কৰিছিল ৰাইজে ৷ কিন্তু তাৰ পাচতেই পানী যোগান বন্ধ হৈ পৰাত বহুবাৰ কৰ্তৃপক্ষক খবৰো দিছিল ৰাইজে ৷ আজিকোপতি আঁচনিখন পুনঃ কাৰ্যকৰী কৰাৰ বাবে বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷
এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড ফেঁটী সাপৰ বাসস্থান হৈছে এই পৰিত্যক্ত গৃহ সমূহ । ঘাঁহ-বন,জংঘলেৰে অৰণ্য সদৃশ হৈছে কাৰ্যলয় সমুহ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গৃহ সমূহৰ কোনবাটো যদি গৰু গোহালি আন কোনোবাটো আকৌ ছাগলীৰ গড়ালত পৰিণত হৈছে । ৰাইজৰ শংকা বাঢ়িছে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য এই পৰিত্যক্ত ঘৰ সমুহত সংঘটিত হয় বুলি ।
এতিয়া স্থানীয় ৰাইজে বিচাৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনেবোৰ ভূত বাংলা সদৃশ পানী যোগান আঁচনিবোৰ সম্পূৰ্ণ মেৰামতি কৰক নহ’লে এইবিলাক অফিচ উঠাই নিয়ক চৰকাৰে ।
লগতে পঢ়ক : কৰ্তৃপক্ষৰ অতৰ্কিতে চিকিৎসালয়ৰ পৰা ঘৰমুৱা হ'ল কৰ'ণা ৰোগী