বাইহাটা, 29 জুন : আমিনগাঁৱস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় (Office of the Deputy Commissioner, Kamrup)ত মঙলবাৰে এখন পৰ্যালোচনা সভাত মিলিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)। পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বন (Forest), আবকাৰী (Excise) আৰু মীন (Fishery) বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে বৈঠকত বিভাগকেইটাৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভাগৰসমূহত থকা ত্ৰুটিসমূহ শীঘ্ৰেই সমাধান কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ লগতে কামৰূপ জিলাৰ বন বিভাগ (Forest Department)ৰ অধীনস্থ ১৬০ হেক্টৰতকৈ অধিক ভূমি বেদখলমুক্ত কৰাৰ পোষকতা কৰে ৷
কামৰূপ জিলাত হোৱা ব্যাপক পাহাৰখনন সন্দৰ্ভত টুলুঙা মন্তব্য কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই বন ধ্বংসক যে আওপকীয়াভাৱে সমৰ্থন জনায় তাৰেই ইংগিত দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত পাহাৰ টকলা কৰাতো স্বাভাবিক কথা বুলি মতপোষণ কৰে । ইয়াৰ লগতে কামৰূপ জিলাত এমাহৰ ভিতৰত চুলাই মদৰ বেহা বন্ধ কৰাৰ বাবে আবকাৰী বিভাগ (Excise Department)ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই ।
জিলাখনৰ ধাবাসমূহ বাৰলৈ ৰূপান্তৰিত হোৱা সন্দৰ্ভতো গা এৰা মনোভাব গ্ৰহণ কৰা দেখা যায় আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Excise Minister Parimal Suklabaidya)ৰ । অবৈধ সুৰাৰ প্ৰচলন সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাসতে সীমাবদ্ধ থাকিল কেবিনেট মন্ত্ৰী (Cabinet Minister)গৰাকী ।
মীন বিভাগ (Fishery Department)ৰ আঁচনি ৰূপায়নত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভতো কৌশলী মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই । জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে আঁত ধৰা পৰ্যালোচনা সভাত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা (Diganta Kalita), হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া (Suman Haripriya), পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া (Hemanga Thakuria), পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা (Ramendra Narayan Kalita)ৰ লগতে তিনিওটা বিভাগৰ বিভাগীয় বিষয়া কৰ্মচাৰী ।
লগতে পঢ়ক : এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ দেৱাল