ETV Bharat / state

ছয়গাঁৱত এহেজাৰ টকীয়া দুৰ্নীতিঃ ৰঙাঘৰলৈ পঞ্চায়ত সভাপতি

শনিবাৰে নিশা ছয়গাঁও আৰক্ষীৰ সহযোগত কামৰূপ আৰক্ষী আৰু বশিষ্ট আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ বশিষ্টত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত্ব কৰে আব্দুল ৰেজ্জাকক ৷

Panchayat secretary of asalpara gaon panchayat,Abdul Rejak arrested
ছয়গাঁৱত এহেজাৰ টকীয়া দুৰ্নীতি কৰি ৰঙাঘৰলৈ পঞ্চায়ত সভাপতি
author img

By

Published : Jun 1, 2020, 3:27 PM IST

ছয়গাঁও 1 জুন : দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ আত্মগোপন কৰি থকা ছয়গাঁও বিধানসভা সমষ্টিৰ আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আব্দুল ৰেজ্জাকক গ্ৰেপ্তাৰ। লক ডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড নথকা দুখীয়া লোকক এহেজাৰ টকাকৈ প্ৰদান কৰা ধনৰ নামত এইগৰাকী কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰে মিলি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল । ইতিমধ্যে তেওঁৰ বিৰুদ্ধে জোৰশিমলু আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ ৷

অৱশেষত শনিবাৰে নিশা ছয়গাঁও আৰক্ষীৰ সহযোগত কামৰূপ আৰক্ষী আৰু বশিষ্ট আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ বশিষ্টত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত কৰে আব্দুল ৰেজ্জাকক ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে উক্ত অভিযোগত গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীসহ চাৰিজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ জৰাসৰ নৈৰ গৰাখহনীয়াত জাহ গ'ল বিশাল কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.