ETV Bharat / state

আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা প্ৰদানত ব্যৰ্থ বন বিভাগ - বন বিভাগ

ডিৰিমাত এটা আঘাত প্ৰাপ্ত বনৰীয়া হাতীক লৈ শংকিত ৰাইজ ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও এতিয়ালৈ হাতীটোক কোনো চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই ৷

ONE WILD ELEPHANT INJURED AT BOKO KAMRUP DISTRICT
বকোত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক লৈ হাহাকাৰ বন বিভাগৰ !
author img

By

Published : Nov 14, 2020, 12:47 PM IST

বকো, 14 নৱেম্বৰঃ কামৰূপ জিলাৰ বকোৰ ডিৰিমাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৷ ইতিমধ্যে দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভঙাৰ লগতে খাদ্য সামগ্ৰী খাই তহিলং কৰি আহিছে ৷

আনহাতে, ডিৰিমা কল বাগান এখনত এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে চলাই গৈছে তাণ্ডৱ । হাতীটোৰ আগ ঠেঙত আঘাত হোৱা চিহ্ন প্ৰত্যক্ষ কৰিছে ৰাইজে ৷ হাতীটোৱে আঘাত পোৱাৰ ফলত ভালদৰে খোজ কাঢ়িব নোৱাৰাত কল বাগান খনতে উপদ্ৰৱ চলাই গৈছে । কিন্তু কেনেদৰে হাতীটোৱে টেঙত আঘাত পাইছে জানিব পৰা হোৱা নাই ।

বকোত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক লৈ হাহাকাৰ বন বিভাগৰ !

উক্ত ঘটনাটো স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ চিকিৎসাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনোধৰণৰ চিকিৎসা প্ৰদান কৰিব পৰা নাই বন বিভাগৰ লোকে। ইতিমধ্যে বনৰীয়া হাতীটোক লৈ শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ অতি শীঘ্ৰে বনৰীয়া হাতীটোক চিকিৎসা প্ৰদান কৰি বনাঞ্চললৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- বকোত দুৰ্ঘটনাত পতিত বিএছএফৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.