ৰঙিয়া, 19 জুন : ৰঙিয়াত এনকেফেলাইটিছত আক্ৰান্ত এজন ব্যক্তি । ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আই চি ইউত ভৰ্তি হৈ থকা ব্যক্তিগৰাকী হৈছে তাঁতীপাৰাৰ পবিন মণ্ডল । যুৱকজনৰ শৰীৰত ৰোগবিধৰ বীজাণুৱে ভয়ংকৰ সংক্ৰমণ সংঘটিত কৰাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱাৰ প্ৰয়োজনীয়তা আহি পৰে যদিও সেই সময়ত জিএমচিএইচৰ আই চি ইউ খালী নথকা বাবে তেওঁক পৰিয়ালৰ লোকে ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যায়। বৰ্তমান যুৱকজনৰ অৱস্থা সংকটজনক । পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাবে যথেষ্ট অৰ্থ সংকটৰ সন্মুখীন হ'ব লগীয়া হৈছে । এই ক্ষেত্ৰত বৰ্তমানলৈ কোনোধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ।
ৰঙিয়াত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন - icu
এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিগৰাকী আই চি ইউত ভৰ্তি । যুৱকজনৰ অৱস্থা সংকটজনক । চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ
![ৰঙিয়াত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3600863-574-3600863-1560935627573.jpg?imwidth=3840)