ৰঙিয়া , 24 এপ্ৰিল : ৰঙিয়াত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন । বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে গুৰুতৰ ভাৱে আহত হ'ল ইছলাম আলী। জিএম চিএইচৰ পৰা চিকিৎসা কৰি উভতাই পথোৱাৰ পাচত পুনৰ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল ৰঙিয়াৰ এগৰাকী ব্যক্তি। ঘটনাৰ বিৱৰণী অনুসৰি ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি গুৰুতৰ ভাৱে আহত হ'ল ইছলাম আলী(42)। তিতকুৰী নিবাসী আলীয়ে মঙলবাৰে গৰকাৰ নৱাবুদ্দিন আহমেদৰ দোকানত ফলক আৰিবলৈ দোকানৰ ওপৰত উঠোতে দুৰ্ভাগ্য বশতঃ ওচৰেৰে যোৱা 11000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি তেওঁ গুৰুতৰ ভাৱে আহত হয়। তেওঁক ততালিকে জিএমচিএইচ ত ভৰ্তি কৰোৱা হয় যদিও কিছু সময় পিছতেই তেওঁক হাস্পাতালৰ পৰা লৈ আহে নৱাবুদ্দিন আহমেদে। কিন্তু বুধবাৰে পুনৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক পৰিয়ালৰ লোকে পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। তেওঁলোকে বুধবাৰে ৰঙিয়া থানাত নৱাবুদ্দিন আহমেদৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।
আনহাতে সংবাদ মাধ্যমৰ আগত নৱাবুদ্দিন আহমেদে জনাই যে দোকানৰ নিচেই কাষেৰে যোৱা 11000 ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰৰ সম্পৰ্কে তেওঁ ইতিমধ্যে 2013 চনতেই বিদ্যুৎ বিভাগৰ ওচৰত গোচৰ ৰুজু কৰিছিল, যদিও বিভাগৰ দ্বাৰা কোনো পদক্ষেপ লোৱা পৰিলক্ষিত ন'হল। গতিকে ইছলাম আলী দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বাবে প্ৰকাৰন্তৰে বিদ্যুৎ বিভাগকেই জগৰীয়া কৰে তেওঁ।