ETV Bharat / state

বকোত যন্ত্ৰচালিত নাৱত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 2

author img

By

Published : Jul 29, 2020, 3:58 PM IST

দক্ষিণ কামৰূপৰ মালিবাৰীত বিদ্যৎস্পৃষ্ট হৈকো বিদ্যুৎ সংমণ্ডলৰ এগৰাকী কৰ্মচাৰী নিহত হোৱাৰ বিপৰীতে, গুৰুতৰভাৱে আহত হয় আন দুগৰাকী লোক ৷

নিহত 1, আহত 2
নিহত 1, আহত 2

বকো, 29 জুলাই: বিদ্যৎস্পৃষ্ট হৈ দক্ষিণ কামৰূপৰ মালিবাৰীত মৃত্যুক সাৱটি লয় বকো বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আলিম উদ্দিনে ৷ নিহত লোকগৰাকী মালীবাৰীৰ জাৰপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ মৃত লোকগৰাকীৰ লগতে কৰ্মৰত অৱস্থাত থকা মালীবাৰী সত্ৰৰ শ্বহিদুল হক আৰু 1 নং মালীবাৰীৰ নুৰুল ইছলাম গুৰুতৰভাৱে আহত হয় এই ঘটনাত ৷ আটাইকেইগৰাকী লোকক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰায় বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৷ কিন্তু চিকিৎসালয়ত নিয়াৰ পাচতে আলিম উদ্দিনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

যন্ত্ৰচালিত নাৱত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 2

আনহাতে আহত আন দুগৰাকী লোকৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ বাবে পৰৱৰ্তী সয়মত তেওঁলোকক প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷ ইতিমধ্যে আলিম উদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে বকো আৰক্ষীয়ে ৷ উল্লেখ্য যে, যন্ত্ৰচালিত নাৱত মাইক বান্ধি থকা অৱস্থাত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷ মঙলবাৰে সন্ধিয়া প্ৰায় 7 বজাত নাৱত বন্ধা মাইকত লাগি থকা এডাল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হঠাতে বিদ্যুৎস্পৃষ্ট হয় লোক কেইগৰাকী ৷ জানিব পৰা মতে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নিহত আলিম উদ্দিন ৷ এই ঘটনাত আহত আৰু নিহত লোকৰ পৰিয়াললৈ ক্ৰমে 10 লাখ আৰু 5 লাখ টকাৰ ক্ষতিপুৰণ দিয়াৰ দাবী জনাইছে অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূৰ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে

লগতে পঢ়ক: বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.