ৰঙিয়া,2 নৱেম্বৰ: সম্প্ৰত্তি সময়ৰ দ্ৰুত বিকাশৰ লগে লগে বিভিন্ন প্ৰযুক্তিৰ বিকাশ হোৱা পৰিলক্ষিত হৈছে ৷ সময়ৰ লগে লগে টেলিভিছনবোৰো অত্যাধুনিক হৈ পৰিছে ৷ বৰ্তমান সময়খিনিত স্মাৰ্ট টিভিয়ে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সময়খিনিতেই ছচিয়েল মিডিয়াত খলকনি লগাইছে 90 দশকৰ এটা টিভিয়ে ৷
এই টিভিটোৰ মূল্য 1 ৰ পৰা 5 কৌটি টকা ৷ শুনি আচৰিত যেন লাগিলেও ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এনেদৰে কোৱা হৈছে ৷ উল্লেখযোগ্য যে এই টিভিটো কোনো বহি: ৰাজ্য অথবা বিদেশৰ নহয় ৷ এই টিভিটো অসমৰেই ৰঙিয়া অঞ্চলৰ এটা পৰিয়ালৰ ঘৰত আছে ৷ এই বিশেষ টিভিটোৰ সন্ধানত এতিয়া নামি পৰিছে ৰঙিয়াৰ বহুসংখ্যক লোক ৷ চাকৰিয়াল,ব্যৱসায়ীৰ পৰা শিক্ষিত যুৱকলৈ সকলোৱে 90 দশকৰ কাঠৰ বাকচৰ টিভিটোৰ সন্ধানত অভিযান চলাইছে ৷ অৱশেষত ৰঙিয়াৰ চেপ্তীৰ এটা পৰিয়ালৰ ঘৰত সেই ৯০ দশকৰ টিভিটোৰ সন্ধান পোৱা গ'ল ।
তাৰ পিচৰে পৰা লোকাৰণ্য হৈ পৰিছে পৰিয়ালটোৰ ঘৰখন ৷ কোনোৱে যদি কয় টিভিটো সংগ্ৰাহলয়ত বিক্ৰী হ'ব, আন কোনোৱে আকৌ টিভিটোৰ ভিতৰত এবিধ বিশেষ দ্ৰব্য থাকে,সেই বিশেষ দ্ৰব্যবিধ হৈছে ৰেড মাৰ্কিউৰি যি মিছাইল নিৰ্মাণৰ কামত ব্য়ৱহাৰ হয় ৷ গতিকে সেই বিশেষ টিভিটোৰ মূল্য হৈছে 1 কোটি টকাৰ পৰা 5 কোটি টকা পৰ্যন্ত ৷
টিভিটো চাবলৈ প্ৰতিদিনে গ্ৰাহক আহে যদিও বৰ্তমান পৰ্যন্ত টিভিটো বিক্ৰী হোৱা নাই ৷ হঠাৎ এনেদৰে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱাতচিন্তিত হৈ পৰিছে টিভিৰ গৰাকী ৷ উল্লেখ্য যে,এটা দুষ্ট চক্ৰই ইউ টিউবৰ দ্বাৰা ভিডিঅ ভাইৰেল কৰি এটা উৰা বাতৰিৰ প্ৰচাৰ কৰিছিল ৷ আৰু তাৰ পিচৰে পৰাই এতিয়া ৰঙিয়াৰ বহু লোকে পুৰণি টিভিৰ সন্ধানত নামি পৰাৰ খবৰ পোৱা গৈছে ৷