ETV Bharat / state

২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকাত অসমৰ কমলকৃষ্ণ দাস - কমলকৃষ্ণ দাস

ভাৰতীয় শিশু কল্যাণ পৰিষদে প্ৰতিবছৰে আগবঢ়াই আহিছে শিশু সাহসিকতা বঁটা ৷ শুকুৰবাৰে ঘোষণা কৰা হয় ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকা ৷ বঁটা প্ৰাপকৰ তালিকাত স্থান লাভ কৰিছে অসমৰ কমলকৃষ্ণ দাসে ৷ ২০১৮ চনৰ ভুটভুটী নাওঁ দুৰ্ঘটনাৰ সময়ত কিশোৰটিয়ে ৰক্ষা কৰিছিল মাতৃ আৰু পেহীয়েকৰ প্ৰাণ ৷ ইয়াৰ ভিত্তিত কিশোৰজন নিৰ্বাচিত হয় বঁটাৰ বাবে ৷

অসম
কমলকৃষ্ণ দাস
author img

By

Published : Jan 24, 2020, 8:46 PM IST

গুৱাহাটী,24 জানুৱাৰীঃ অসাধাৰণ বুদ্ধিমত্তা আৰু সাহসিকতাৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদে প্ৰতিবছৰে আগবঢ়াই আহিছে শিশু সাহসিকতা বঁটা ৷ শুকুৰবাৰে ঘোষণা কৰা হয় ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকা ৷ বঁটাটিৰ বাবে দেশৰ ২২ টি শিশু তথা কিশোৰক তিনিটা শিতানত নিৰ্বাচিত কৰা হৈছে । 2019 বৰ্ষৰ বঁটা প্ৰাপকৰ তালিকাত স্থান লাভ কৰিছে অসমৰ কমলকৃষ্ণ দাসে ৷ নিৰ্বাচিত শিশুসকলৰ 10 গৰাকী ছোৱালী হোৱাৰ বিপৰীতে আছে 12 জন ল’ৰা ৷ ৬ বছৰৰ পৰা 18 বছৰৰ অন্তৰ্গত এই শিশুসকলক দুঃসাহসী পদক্ষেপৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদে নিৰ্বাচিত কৰে ।

অসমৰ কমলকৃষ্ণ দাস নিৰ্বাচিত

উল্লেখ্য যে, ২০১৮ চনৰ শিক্ষক দিৱসৰ দিনা ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল শোকাৱহ ভুটভুটী নাওঁ দুৰ্ঘটনা। প্ৰায় চল্লিশজনৰো অধিক যাত্ৰী থকা নাওঁখনে জাইকাৰ নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। যিটো শিহৰণকাৰী দুৰ্ঘটনাৰ সাক্ষী আছিল উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ কমলকৃষ্ণ দাস । বাৰ বছৰীয়া কমলে খৰস্ৰোতা ব্ৰহ্মপুত্ৰত জপিয়াই উদ্ধাৰ কৰিছিল মাতৃ আৰু পেহীয়েকক ।

উক্ত দুৰ্ঘটনাত নিখোজ হৈছিল কেইবাজনো লোক। সেয়ে আই চি চি ডব্লিউৱে ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ বাবে কমলকৃষ্ণ দাসক নিৰ্বাচন কৰে। ইতিমধ্যে ১৯ জানুৱাৰীত বঁটা গ্ৰহণৰ বাবে কিশোৰটিয়ে যাত্ৰা কৰিছে নতুন দিল্লীলৈ ৷ আগন্তুক গণৰাজ্য দিৱসত আন শিশুৰ লগতে চৈধ্য বছৰীয়া কিশোৰ কমল কৃষ্ণই প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ হাতৰ পৰা বঁটাটো গ্ৰহণ কৰিব। এই খবৰে উৎফুল্লিত কৰি তুলিছে উত্তৰ গুৱাহাটীবাসীক। কমলকৃষ্ণ উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ বাসিন্দা ধনঞ্জয় দাস আৰু জিতুমণি দাসৰ একমাত্ৰ সন্তান। কিশোৰটিৰ লক্ষ্য ভৱিষ্যতে এজন সুদক্ষ সাঁতোৰবিদ হোৱাৰ ৷

লগতে চাওকঃমহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ

Intro:অসাধাৰণ বুদ্ধিমত্তা আৰু সাহসিকতাৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদে  শিশু সাহসিকতাৰ বঁটা প্ৰদান কৰি আহিছে । ২০১৯ বৰ্ষৰ এই বঁটাৰ বাবে দেশৰ ২২গৰাকী শিশুক তিনিটা শিতানত নিৰ্বাচিত কৰা হৈছে । অসমৰহৈ উত্তৰ গুৱাহাটীৰ কমল কৃষ্ণ দাস শিশু সাহসিকতাৰ বাবে নিৰ্বাচিত হৈছে। বাইশ গৰাকী শিশুৰ দহ গৰাকী ছোৱালী আৰু বাৰজন ল'ৰা । ৬বছৰৰ পৰা ওঠৰ বছৰৰ শিশু সকলক এই দু:সাহসী পদক্ষেপক ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড ডেভেলপমেন্টে নিৰ্বাচিত কৰে । কিন্তু কমল কৃষ্ণ দাস নিৰ্বাচিত হোৱাৰ আৰত আছে শিহৰণকাৰী ঘটনা । ২০১৮ বৰ্ষৰ শিক্ষক দিবসৰ দিনা ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল শোকাবহ ভটভটী দুৰ্ঘটনা । চল্লিশজনৰ অধিক যাত্ৰী থকা ভটভটীখন জাইকাৰ নিৰ্মীয়মান দলঙৰ খুড়া খুন্দা খাইছিল । Body:টাইটানিক চলচিত্ৰৰ আৰ্হিত নদীৰ বুকুত সোমাই গৈছিল ভটভটীখন ।যি শিহৰণকাৰী দুৰ্ঘটনাৰ সাক্ষী উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ কমল কৃষ্ণ দাস । বাৰবছৰীয়া কমলে খৰস্ৰোতা ব্ৰহ্মপুত্ৰত উপস্থিত বুদ্ধিৰে উদ্ধাৰ কৰিছিল মাতৃ আৰু পেহীয়েকক ।
পাঁচ চেপ্তেম্বৰৰ ভটভটী দুৰ্ঘটনাত কেইবাজনো নিখোজ আৰু নিহত হৈছিল ।আই চি চি ডব্লিউ ৱে ২০১৯ বৰ্ষৰ শিশু সাহসিকতাৰ বঁটাৰ বাবে কমল কৃষ্ণ দাসক নিৰ্বাচিত কৰে । ইতিমধ্যে ১৯ জানুৱাৰীত নতুন দিল্লীলৈ বঁটা গ্ৰহণৰ বাবে কমল কৃষ্ণ যাত্ৰা কৰিছে । অহা গণৰাজ্য দিবসত আন শিশুৰ লগতে চৈধ্য বছৰীয়া কিশোৰ কমল কৃষ্ণই সন্মানীয় বঁটা প্ৰধান মন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিব । Conclusion:এই খবৰে উৎফুল্লিত কৰিছে উত্তৰ গুৱাহাটী বাসীক ।কমল কৃষ্ণ উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ ধনঞ্জয় দাস আৰু জিটুমণি দাসৰ একমাত্ৰ সন্তান ।কমল কৃষ্ণ ভবিষ্যতে এজন সুদক্ষ সাতোৰবিদ হোৱাৰ হাবিয়াস ।Byte: মহেন্দ্ৰ দাস ।( খুৰা) কমল কৃষ্ণ নাথৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.