ETV Bharat / state

অৰ্ধনিৰ্মিত দলঙৰ বাবে যমৰ যাতনা ভুগিছে ৰঙিয়াৰ ৰাইজে - ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চমক সৃষ্টি কৰি প্ৰায় 1,86,84,818 টকা আৱন্টনেৰে দলঙখনৰ আধাৰশিলা স্থাপন কৰিছিল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই । কিন্তু এতিয়া দীৰ্ঘদিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থকাত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিব লগা হৈছে সহস্ৰাধিক লোকে ।

অৰ্ধনিৰ্মিত দলঙৰ বাবে যমৰ যাতনা ভুগিছে ৰঙিয়াৰ ৰাইজে

author img

By

Published : Nov 9, 2020, 12:00 PM IST

ৰঙিয়া, 9 নৱেম্বৰ : অৰ্ধনমিত দলঙৰ বাবে যমৰ যাতনা ভুগিছে ৰঙিয়াৰ ৰাইজে ৷ পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দুদিন পূৰ্বে আধাৰশিলা স্থাপন হোৱা ৰঙিয়াৰ এখন জৰাজীৰ্ণ দলঙৰ বাবে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে ।

অৰ্ধনিৰ্মিত দলঙৰ বাবে যমৰ যাতনা ভুগিছে ৰঙিয়াৰ ৰাইজে

বালাগাঁৱৰ পৰা দহৰা সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত থকা দলংখন হৈছে ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী । আধাৰশিলা স্থাপনৰ দুবছৰ পিছতো দলংখনৰ কাম 30 শতাংশও সম্পূৰ্ণ নহ'ল । যোৱা দুটা বছৰে অৰ্ধনিৰ্মিত দলঙে জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ বালাগাঁও আৰু দহৰাবাসীক । পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চমক সৃষ্টি কৰি প্ৰায় 1,86,84,818 টকা আৱন্টনেৰে দলঙখনৰ আধাৰশিলা স্থাপন কৰিছিল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ।

বালাগাঁৱৰ পৰা দহৰা সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত থকা দলংখন

কিন্তু এতিয়া দীৰ্ঘদিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থকাত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিব লগা হৈছে সহস্ৰাধিক লোকে । পকী দলং নিৰ্মাণ কৰাৰ বাবে পূৰ্বৰ কাঠৰ দলং ভাঙি স্থাপন কৰা হৈছিল বাঁহৰ সাকো আৰু ৰেলিং । এই সাঁকো সদৃশ দলঙেৰে অতি বিপজ্জনকভাৱে সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰী, বয়োবৃদ্ধ লোকসকলে খোজকাঢ়ি অহা-যোৱা কৰি আহিবলৈ বাধ্য হৈছে ।

আনহাতে পকী দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত গাড়ী-মটৰৰ চলাচল কৰিব নোৱাৰা বাবে নৈখনৰ দুয়োপাৰৰ লোকসকলে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । এনেদৰে চৰকাৰী ধন শৰাধ কৰাৰ বাবে ক্ষোভিত হৈছে স্থানীয় ৰাইজ । তেওঁলোকে দলংখনৰ কাম অনতিপলমে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : জৰাজীৰ্ণ পথ মেৰামতি কৰিলে ফেচবুক গ্ৰুপৰ সদস্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.