গুৱাহাটী,8 ডিচেম্বৰ : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া উত্তপ্তময় পৰিৱেশ ৷ কাৰণ 9-10ডিচেম্বৰত গৃহীত হ'বলৈ গৈ আছে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিজন নাগৰিকৰ লগতে দল-সংগঠন,শিল্পীসমাজ সকলো ওলাই আহিছে ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে মাত মাতিছে অভিনেত্ৰী নিশিতা গোস্বামীয়েও । অসমৰ ৰাইজৰ লগত থাকি চৰকাৰ খনক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে হাত জোৰ কৰি আহ্বান কৰে ৷ অভিনেত্ৰীগৰাকীয়ে আন্দোলনত অংশগ্ৰহণ কৰিব পৰা নাই যদিও অসমৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী তথা সমাজে কৰা কেব বিৰোধী আন্দোলনক সম্পূৰ্ণৰূপে সমৰ্থন কৰাৰ লগতে ভৱিষ্যতে এই আন্দোলনত নিজৰ লগতে মাতৃ মলয়া গোস্বামীক লগত লৈ অংশগ্ৰহন কৰিব বুলিও মন্তব্য কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷
অন্য এক খবৰৰ বাবে : CAB ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল অব্যাহত
উল্লেখ্য যে,দেওবাৰে মহানগৰীৰ ধাৰাপুৰ গড়লত উত্তৰণ এম্পায়াৰৰ ১২ সংখ্যাক আৱাসিক প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় ৷ এই শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামীয়ে উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷