ৰঙিয়া, 10 জানুৱাৰী : ৰঙিয়াৰ এগৰাকী ব্যক্তিৰ জীৱনৰ কৰুণ কাহিনী ৷ আপোনাৰ অকন সহায়ে ঘুৰাই আনিব পাৰে দুই কনমানিৰ মুখলৈ হাঁহি ৷ দুটাকৈ সন্তানৰ পিতৃ ৰঙিয়াৰ বিছেন্নালাৰ দীনেশ হালৈ প্ৰায় এবছৰ ধৰি আক্ৰান্ত হৈ আছে মগজুৰ জটিল ৰোগত ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী দীনেশ হালৈ শয্যাগত হোৱাৰ বাবে পৰিয়ালটোৰ আৰ্থিক অৱস্থা দিনে দিনে বেয়াৰ ফালে ঢাল খাইছে ৷ সম্প্ৰতি আৰ্থিক দুৰ্বলতাৰ বাবে হতাশাত ভাঙি পৰিছে পৰিয়ালটো । একমাত্ৰ উপাৰ্জনকাৰী দীনেশ হালৈৰ এনে অৱস্থাই ঘৰখনলৈ নমাই আনিছে অন্ধকাৰ । বহু টকা খৰছ কৰি চিকিৎসা কৰিলে যদিও সুফল পোৱা নাই দীনেশ হালৈয়ে ৷
ইতিমধ্যে পৰিয়ালটোৱে দীনেশৰ চিকিৎসাৰ বাবে খেতিৰ মাটি, গৰু আৰু গহনা বিক্ৰী কৰি সৰ্বহাৰা হোৱাৰ লগতে বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰা পৰিয়ালটোৱে এসাঁজ খাই দ্বিতীয় সাঁজ ভাতৰ বাবে চিন্তা কৰিব লগীয়া হৈছে । পৰিয়ালটোৱে ইটিভি ভাৰতৰ জৰিয়তে সহায়ৰ বাবে স্বাস্থ্যমন্ত্ৰী তথা অসমবাসী ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে । যদি কোনো সদাসয় ব্যক্তিয়ে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ'লে Central Bank Of India ৰ ৰঙিয়া শাখাৰ 3534869370 নম্বৰৰ একাউণ্টত অনুদান আগবঢ়াব পাৰে অথবা 9401017481 নম্বৰত যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক : কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী