ETV Bharat / state

Rangia Child Kidnap: ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা

author img

By

Published : Jul 20, 2022, 10:00 PM IST

ৰঙিয়াত সংঘটিত হৈছে শিশু অপহৰণৰ কাণ্ড (Rangia child kidnap)৷ এগৰাকী মহিলাই কাপোৰ কিনাৰ প্ৰলোভনেৰে দোকানলৈ বুলি নিয়াৰ পাছৰে পৰা সন্ধানহীন হৈ আছে এগৰাকী 9 বছৰীয়া কন্যা ৷ মহিলাগৰাকীয়ে কন্যা সন্তানটিক অপহৰণৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে পৰিয়াল ৷

Rangia Child Kidnap
ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা

ৰঙিয়া, 20 জুলাই: ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ কাণ্ড (Rangia child missing) । ৰাজহুৱা স্থানৰ পৰা এটি ন বছৰীয়া কন্যা শিশুক লৈ উধাও হ'ল এগৰাকী মহিলা । অপহৃত কন্যা শিশুটি ৰঙিয়াৰ কানিকুছিৰ ধীৰেন দাস আৰু ভাৰতী দাসৰ সৰু জীয়ৰী ৰিম্পী দাস বুলি জানিব পৰা গৈছে ।

আজি দিনৰ ভাগত সংঘটি হয় উক্ত ঘটনাটো ৷ জানিব পৰা মতে কালি অৰ্থাৎ মঙলবাৰে ৰিম্পী দাসৰ পেহীয়েক মঞ্জুলা দাসৰ পূৰ্বৰ চিনাকি সূত্ৰে মামণি নামৰ এগৰাকী মহিলাই তেওঁলোকৰ ঘৰত নিশা কটাইছিল । আজি পুৱা ৰাতিপুৱা মামণি নামৰ মহিলাগৰাকীয়ে ৰিম্পীক কাপোৰ কিনি দিম বুলি কৈ পেহীয়েক মঞ্জুলাৰ লগত ৰঙিয়া নগৰলৈ আহে । দুয়োগৰাকী মহিলাই শিশুটিক লৈ ৰঙিয়াত উপস্থিত হোৱাৰ পিছত ৰঙিয়াৰ এখন হোটেলত চাহ খাবলৈ সোমায় । চাহ খাই থকাৰ মাজতেই মামণি নামৰ মহিলাগৰাকীয়ে ৰিম্পীক লগত লৈ বেংকলৈ যাম বুলি পেহীয়েক মঞ্জুলাক হোটেলত এৰি থৈ ওলাই আহে ।

মামণি নামৰ ৰহস্যময়ী মহিলাগৰাকী তাৰ পিছৰে পৰা কণমানি ৰিম্পীৰ লগত অন্তৰ্ধান হৈ পৰে । প্ৰায় দুই বজালৈ মামণি আৰু কণমানি ৰিম্পী উভতি নহাত পেহীয়েক মঞ্জুলাই ৰিম্পীৰ পিতৃ-মাতৃৰে যোগাযোগ কৰে । লগেলগে ৰিম্পীৰ পিতৃ মাতৃয়ে ৰঙিয়া আৰক্ষীৰ কাষ চাপে । আৰক্ষীয়ে ইতিমধ্যে কন্যা শিশুটিৰ লগতে অপৰহণকাৰী ৰহস্যময়ী মহিলাগৰাকীৰ সন্ধানত নামি পৰিছে ।

কিন্তু বাতৰি লিখাৰ পৰলৈকে শিশুটিৰ কোনো শুংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই । ইফালে আৰক্ষীৰ ওচৰত এজাহাৰ দিবলৈ অহা পৰিয়ালটো থানা চৌহদতে কান্দোনত ভাঙি পৰে । ঘটনাটোৰ সন্দৰ্ভত যথেষ্ঠ ৰহস্যৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে অপহৃত ৰিম্পী দাসৰ পিতৃ ধীৰেণ দাস মৰাণজানাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী ।

লগতে পঢ়ক: Extortion by reporter: ফোনযোগে ব্যৱসায়ীক ধন দাবী সাংবাদিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.