আজাৰা আৰু মৰিগাঁৱ, 21 আগষ্টঃ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যক হত্যাৰ ভাবুকি দিয়া এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবিৰোধী গোট (Anti-Terror Squad)এ মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ব্ৰজমোহন দাস নামৰ যুৱকজনক ৷ গ্ৰেপ্তাৰ হোৱা ব্ৰজমোহন দাসৰ ঘৰ মৰিগাঁও জিলাৰ ধৰমতুল গাঁৱত বুলি জানিব পৰা গৈছে ৷
ব্ৰজমোহন দাসে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ (BCCI)লৈ মেইলযোগে এইদৰে ক্ৰিকেটাৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰে এটা গোচৰ ৷ এই গোচৰৰ ভিত্তিতে যুৱকজনক গ্ৰেপ্তাৰ কৰি মহানগৰীৰ চিজেএম আদালতত হাজিৰ কৰায় এটিএছৰ দলটোৱে ৷ আদালতৰ পৰা নিজৰ জিম্মাত লৈ পাণবজাৰ থানাত ৰখা হয় যুৱকজনক ৷ পাণবজাৰ থানাত এদিন জেৰা চলোৱাৰ পিচতে আদালতৰ নিৰ্দেশত বিমানেৰে মুম্বাইলৈ লৈ যায় যুৱকজনক ৷
ইফালে ব্ৰজমোহন দাসক গ্ৰেপ্তাৰ কৰাৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ মাতৃয়ে ৷ পঢ়া-শুনাত অতিকে মেধাৱী যুৱকজনে সৰুৰে পৰাই এগৰাকী ভাল ক্ৰিকেট খেলুৱৈ আছিল বুলি উল্লেখ কৰে মাতৃয়ে ৷ বিগত কিছুদিনৰ পৰা মানসিকভাৱে ভাগি পৰিছিল ব্ৰজমোহন দাস ৷ মাতৃয়ে ব্ৰজমোহনৰ সকলো দোষৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা বিছাৰি ভালদৰে পঢ়া-শুনাৰ সুবিধা প্ৰদান কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনায় ৷
উল্লেখ্য যে, ব্ৰজমোহন দাসে কিছুদিনৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেট সংস্থা বিচিচিআইলৈ এখন মেইল প্ৰেৰণ কৰিছিল ৷ মেইলখনত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিজন সদস্যকে সন্ত্ৰাসবাদীয়ে হত্যা কৰিব বুলি উল্লেখ কৰি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছিল ব্ৰজমোহন দাসে ৷ এই মেইল লাভ কৰাৰ পিচতে মুম্বাই এটিএছে মৰিগাঁৱত উপস্থিত হৈ ধৰমতুল শান্তিপুৰৰ পৰা ব্ৰজমোহন দাসক গ্ৰেপ্তাৰ কৰি মৰিগাঁও আদালতত হাজিৰ কৰাইছিল ৷ মৰিগাঁৱৰ পৰা পানবজাৰ থানালৈ আনি এদিন ৰখাৰ পিচতে পোনে পোনে মুম্বাইলৈ লৈ যোৱা হয় ব্ৰজমোহন দাসক ৷
ব্ৰজমোহন দাসৰ মাতৃ সাবিত্ৰী দাসে জনোৱা অনুসৰি, বিগত আঠমাহ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ব্ৰজমোহন ৷ ব্ৰজমোহনে মানসিকভাৱে অসুস্থ অৱস্থাতে এই কাম সম্পন্ন কৰা বুলি প্ৰকাশ কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰক পুত্ৰ ভূল মাফ কৰি দিবলৈ অনুৰোধ জনায় ৷