বাইহাটা, 29 ডিচেম্বৰঃ শনিবাৰে কামৰূপৰ বাইহাটা চাৰিআলিত মিঃ অসম চেম্পিয়নচিপ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ পৰা অহা 80 গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰে ৷ শৰীৰ চৰ্চা প্ৰতিযোগীতাত মহিলাৰ ফিটনেচত গোৱালপাৰা জিলাৰ বৰ্নালী বসুমতাৰী আৰু ৰিয়া দত্তই প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ৷
বাইহাটাত অনুষ্ঠিত মিঃ অসম চেম্পিয়নচিপ প্ৰতিযোগিতা এই অনুষ্ঠানত শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা উপস্থিত থাকে ৷ অনুষ্ঠানটোত উপস্থিত থাকি তেওঁ কয় যে, মানুহ সুষ্ঠ হৈ থাকিলেহে মানসিক ভাৱে সুষ্ঠ হৈ থাকিব পাৰিব আৰু মানসিক ভাৱে সুষ্ঠ হৈ থকিলে এটা জাতিয়ে উন্নতি কৰিব পাৰিব । সেয়ে শৰীৰ চৰ্চা ভালদৰে কৰিব লাগে ৷ ইপিনে এই প্ৰতিযোগিতাৰ বঁটা বিতৰণি অনুষ্ঠানত অন্য এগৰাকী মিঃ ইউনিভাৰ্চ দীপক গগৈ উপস্থিত থাকে ৷লগতে পঢ়ক - "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী